কোনো সংগঠন বা ধৰ্মৰ লগত জড়িত হোৱাটো প্ৰয়োজন নে?
পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
হয়, প্ৰয়োজন আছে। কিয়নো ঈশ্বৰৰ উপাসনা কৰিবলৈ একগোট হোৱাটো তেওঁ বিচাৰে। শাস্ত্ৰত এইদৰে লিখা আছে, ‘প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু আমি গোট খাবলৈ নেৰোঁহঁক।’—ইব্ৰী ১০:২৪, ২৫.
এবাৰ যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) এইদৰে কৈ যীচুৱে ইংগিত দিছিল যে আগলৈ গৈ তেওঁৰ শিষ্যসকলে এটা সমূহ হিচাপে সংগঠিত হʼব। তেওঁলোকে নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ এজনে-আনজনক লগ কৰিব। তেওঁলোকৰ সৰু সৰু সমূহ অৰ্থাৎ মণ্ডলী হʼব। এই মণ্ডলীৰ লোকসকলে নিয়মিয়াকৈ উপাসনা কৰিবলৈ একগোট হʼব। (১ কৰিন্থীয়া ১৬:১৯) গোটেই বিশ্বত তেওঁলোকৰ মাজত ভাইমাত্ৰ প্ৰেম থাকিব।—১ পিতৰ ২:১৭.
কোনো সংগঠন বা ধৰ্মৰ লগত জড়িত হোৱাটোৱেই যথেষ্ট নহয়
যদিও শাস্ত্ৰত লিখা আছে যে ঈশ্বৰৰ উপাসনা কৰিবলৈ লোকসকলক একগোট হোৱা উচিত। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এজন ব্যক্তিয়ে কোনো সংগঠন বা ধৰ্মৰ লগত জড়িত হʼলেই ঈশ্বৰ আনন্দিত হʼব। যদি এজন ব্যক্তিয়ে ঈশ্বৰক আনন্দিত কৰিব বিচাৰে, তেনেহʼলে প্ৰতিদিনে শাস্ত্ৰৰ শিক্ষাৰ অনুসৰি জীৱন অতিবাহিত কৰিব লাগিব। উদাহৰণস্বৰূপে, শাস্ত্ৰত এইদৰে লিখা আছে, “মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা, আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।”—যাকোব ১:২৭.