Skip to content

Skip to table of contents

“হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক”

“হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক”

“হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক”

“তেওঁৰ শিষ্যই তেওঁক কʼলে, ‘হে প্ৰভু আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক।’”—লূক ১১:১NW

১. যীচুৰ এজন শিষ্যই কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে বুলি কিয় সুধিছিল?

 সা.যু. ৩২ চনত এবাৰ যীচুৱে প্ৰাৰ্থনা কৰি থকাৰ সময়ত তেওঁৰ শিষ্যসকলৰ এজনে তেওঁক লক্ষ্য কৰিছিল। হয়তো তেওঁ মনে মনে প্ৰাৰ্থনা কৰাৰ বাবে শিষ্যজনে কোনো শব্দ শুনিব পৰা নাছিল। তথাপিও শিষ্যজনে যীচুৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত এইদৰে কৈছিল: “হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক।” (লূক ১১:১, NW) কিহে তেওঁক তেনেদৰে সুধিবলৈ প্ৰেৰিত কৰিলে? নিয়মিতৰূপে প্ৰাৰ্থনা কৰাটো ইহুদীসকলৰ জীৱন আৰু উপাসনাৰ এটা ভাগ আছিল। হীব্ৰু শাস্ত্ৰত, যেনে, গীতমালা আৰু অন্য পুস্তকত বহুতো প্ৰাৰ্থনাৰ বিষয়ে লিপিবদ্ধ কৰা আছে। গতিকে শিষ্যজনে এনে এটা বিষয় বা প্ৰণালী জানিব বিচৰা নাছিল যে যিটো পূৰ্বতে কেতিয়াও হোৱা নাই। ইয়াত কোনো সন্দেহ নাই যে তেওঁ ইহুদী ধৰ্ম্মগুৰুসকলে কৰা প্ৰাৰ্থনাবোৰৰ বিষয়ে ভালকৈ জানিছিল। কিন্তু তেওঁ ধৰ্ম্মগুৰুসকলৰ প্ৰাৰ্থনা আৰু যীচুৱে কৰা প্ৰাৰ্থনাৰ মাজত এক বৃহৎ ভিন্নতা দেখিবলৈ পাইছিল।—মথি ৬:৫-৮.

২. (ক) কিহে দেখুৱাইছে যে যীচুৱে কৰা আৰ্হিমূলক প্ৰাৰ্থনাক দোহাৰি কৰিবলৈ কোৱা নাছিল? (বক্সটো চাওক।) (খ) আমি প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে বুলি জনাটো কিয় এক আগ্ৰহী বিষয়?

প্ৰায় ১৮ মাহৰ পূৰ্বেই যীচুৱে তেওঁৰ পৰ্ব্বতীয় উপদেশত প্ৰাৰ্থনা কিহৰ ওপৰত আধাৰিত হʼব লাগে, তাৰ এটা আৰ্হি প্ৰস্তুত কৰিছিল। (মথি ৬:৯-১৩) সম্ভৱতঃ, সেই সময়ছোৱাত এই বিশেষ শিষ্যজন হয়তো তাত উপস্থিত নাছিল। সেইবাবে শিষ্যজনে সোধাত যীচুৱে প্ৰেমেৰে আৰ্হিমূলক প্ৰাৰ্থনাৰ কিছুমান মুখ্য বিষয়ক পুনৰাই দাঙি ধৰিলে। মনকৰিবলগীয়া এই যে যীচুৱে সেই একেই প্ৰাৰ্থনাক দুনাই কোৱা নাছিল যিয়ে দোহাৰি কৰা প্ৰাৰ্থনাক দৰ্শালেহেঁতেন। (লূক ১১:১-৪) সেই বেনামী শিষ্যজনৰ দৰে আমিও শিকিবো বিচাৰো যে কেনে ধৰণৰ প্ৰাৰ্থনাই যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে। গতিকে আঁহক আমি পাঁচনি মথিয়ে উদ্ধৃত কৰা আৰ্হিমূলক প্ৰাৰ্থনাৰ বিষয়ে বহুলভাৱে বিবেচনা কৰোঁহঁক। তাত এনে সাতোটা নিৱেদনৰ বিষয়ে উল্লেখ কৰিছে যাৰ প্ৰথম তিনিটা বিষয় যিহোৱাৰ উদ্দেশ্য আৰু বাকী চাৰিটা ভৌতিক আৰু আধ্যাত্মিকতাৰ সৈতে সম্পৰ্ক আছে। এই লেখত আমি প্ৰথম তিনিটাৰ বিষয়ে আলোচনা কৰিম।

এজন প্ৰেমময় পিতৃ

৩, ৪. যিহোৱাক আমাৰ “পিতৃ” বুলি সম্বোধিত কৰাৰ অৰ্থ কি?

আৰম্ভণিৰ পৰাই যীচুৱে কৈছিল যে আমি প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলি গভীৰ সমাদৰ দেখুৱা উচিত। মুলতে তাত উপস্থিত থকা শিষ্যসকলৰ লাভৰ অৰ্থে কোৱাৰ সময়ত যীচুৱে যিহোৱাক “হে আমাৰ স্বৰ্গত থকা পিতৃ” বুলি সম্বোধিত কৰিবলৈ তেওঁলোকক কৈছিল। (মথি ৬:৯) এজন বিদ্বানৰ অনুসৰি সেই সময়ছোৱাত যীচুৱে হীব্ৰু বা অৰামী ভাষাত কথা-বতৰা হৈছিল বুলি সঠিককৈ কʼব পৰা নাযায়। কিন্তু “পিতৃ” বুলি ব্যৱহাৰ কৰা শব্দটোৱে এটি ‘কণমাণি শিশুৰ মুখৰ পৰা ওলোৱা অভিব্যক্তি’ হিচাবে প্ৰকাশ পাইছে। যিহোৱাক আমাৰ পিতৃ হিচাবে সম্বোধিত কৰাৰ অভিব্যক্তিয়ে তেওঁৰ সৈতে থকা এক আন্তৰিক আৰু ভাৰসাযুক্ত সম্পৰ্কৰ আভাস দিয়ে।

তদুপৰি “আমাৰ পিতৃ” বুলি কোৱাৰ অৰ্থ হৈছে যে আমি এটা ডাঙৰ পৰিয়ালৰ সদস্যতাৰ ভাগ যʼত এনে পুৰুষ আৰু স্ত্ৰীসকল সন্মিলিত আছে যিসকলে যিহোৱাক জীৱন-দাতা স্বৰূপে দৃষ্টি কৰে। (যিচয়া ৬৪:৮; পাঁচনিৰ কৰ্ম্ম ১৭:২৪, ২৮) আত্মাৰ দ্বাৰা মনোনিত অভিষিক্ত খ্ৰীষ্টানসকল হৈছে “ঈশ্বৰৰ সন্তান” আৰু তেওঁবিলাকে তেওঁক “আব্বা, পিতৃ” বুলি মাতিব পাৰে। (ৰোমীয়া ৮:১৪, ১৫) আজি লাখ লাখ ব্যক্তিয়ে তেওঁলোকৰ সঙ্গী উপাসক হৈছে। এই সঙ্গী উপাসকবিলাকে নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈছে। এই সকলো ‘অন্য মেৰে’ যীচুৰ নামেৰে যিহোৱাক প্ৰাৰ্থনা কৰি তেওঁক আমাৰ “পিতৃ” বুলি সম্বোধিত কৰিব পাৰে। (যোহন ১০:১৬; ১৪:৬) যিহেতু আমাৰ ভাৰ বোৱা আৰু আমালৈ মঙ্গলময়ৰ সকলো অভিব্যক্তি প্ৰকাশ কৰাৰ বাবে আমি নিতৌ প্ৰাৰ্থনাৰ দ্বাৰা স্বৰ্গীয় পিতৃৰ মহিমা আৰু ধন্যবাদ কৰিব পাৰোঁ। তদুপৰি আমি আশ্বাস ৰাখিব পাৰোঁ যে তেওঁ আমাৰ প্ৰতিপালন কৰিব।—ফিলিপীয়া ৪:৬, ৭; ১ পিতৰ ৫:৬, ৭.

যিহোৱাৰ নামৰ প্ৰতি প্ৰেম প্ৰতিফলিত কৰা

৫. আৰ্হিমূলক প্ৰাৰ্থনাত নিৱেদন কৰা প্ৰথম গুৰুত্বপূৰ্ণ বিষয়টো কি আছিল আৰু সেইটো কিয় যুক্তিসঙ্গত?

আৰ্হিমূলক প্ৰাৰ্থনাৰ আৰম্ভণিতে গুৰুত্ব দিয়া বিষয়টো হৈছে: “তোমাৰ নাম পুজনীয় হওক।” (মথি ৬:৯) যিহোৱাৰ নাম পবিত্ৰকৰণ কৰাৰ প্ৰতি প্ৰেম থকাৰ বাবে আমি তেওঁৰ নাম বদনাম কৰা বিষয়বোৰক ঘৃণা কৰোঁ। চয়তানৰ বিৰোধীতাই প্ৰথম মানৱ দম্পতীক ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰি যিহোৱা ঈশ্বৰে সাৰ্ব্বভৌমত্বৰে কৰা শাসন-প্ৰণালীৰ ওপৰত সন্দেহ উৎপন্ন কৰি তেওঁৰ নামৰ ওপৰত মিছা অভিযোগ দিলে। (আদিপুস্তক ৩:১-৬) ইয়াৰ উপৰিও যুগ যুগ ধৰি ঈশ্বৰক উপাসনা কৰিছোঁ বুলি দাবী কৰা মিছা উপাসকসকলৰ ঘৃণিত কাৰ্য্য আৰু শিক্ষাই যিহোৱাৰ নাম অপমানিত কৰি আহিছে।

৬. যদি যিহোৱাৰ নাম পবিত্ৰকৰণ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ তেন্তে আমি কেনে কাৰ্য্য কৰাৰ পৰা বিৰত থাকিম?

যিহোৱাৰ নাম পবিত্ৰকৰণ হোৱাৰ উদ্দেশ্যেৰে আমি কৰা প্ৰাৰ্থনাই প্ৰকাশ কৰে যে যিহোৱাৰ বিশ্বব্যাপী সাৰ্ব্বভৌমত্ব অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডত শাসন কৰাৰ একমাত্ৰ তেওঁৱেই যে উপযুক্ত এই বিষয়টোৰ ওপৰত উত্থাপন হোৱা বাদ-বিষয়টোৰ কোনটো পক্ষত থিয় দি আছোঁ। যিহোৱাই বিশ্বব্ৰহ্মাণ্ডত এনে স্বৰ্গদূত আৰু মানৱৰ দ্বাৰা পৰিপূৰ্ণ হোৱাটো বিচাৰে যিসকলে স্বইচ্ছাৰে তেওঁৰ আধিপত্যৰ অধীন হয়। এইটো এইবাবে কিয়নো তেনে ব্যক্তিসকলে তেওঁক আৰু তেওঁৰ নামক প্ৰতিনিধিত্ব কৰা সকলো বিষয়ক প্ৰেম কৰে। (১ বংশাৱলি ২৯:১০-১৩; গীত ৮:১; ১৪৮:১৩) যিহোৱাৰ নামৰ প্ৰতি থকা আমাৰ প্ৰেমে আমাক এনে কোনো কাৰ্য্য কৰাৰ পৰা বিৰত ৰাখিব যি তেওঁৰ পবিত্ৰ নামক কলঙ্কিত কৰে। (যিহিষ্কেল ৩৬:২০, ২১; ৰোমীয়া ২:২১-২৪) এই বিশ্বব্ৰহ্মাণ্ড আৰু ইয়াত থকা ব্যক্তিসকলৰ শান্তি আৰু সুৰক্ষা যিহোৱাৰ নাম পবিত্ৰকৰণ আৰু তেওঁৰ আধিপত্যৰ অধীন হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে প্ৰাৰ্থনাত “তোমাৰ নাম পূজনীয় হওক” বুলি উল্লেখ কৰা উক্তিটোৱে আমাক আশ্বাস দিয়ে যে যিহোৱাৰ মহিমাৰ অৰ্থে তেওঁৰ ইচ্ছা অৱশ্যেই পূৰ্ণ হʼব।—যিহিষ্কেল ৩৮:২৩.

প্ৰাৰ্থনাত উল্লেখ কৰা ৰাজ্যখন

৭, ৮. (ক) যীচুৱে কোনখন ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল? (খ) আমি সেই ৰাজ্যখনৰ বিষয়ে দানিয়েল আৰু প্ৰকাশিত বাক্য কিতাপৰ পৰা কি শিকিবলৈ পাওঁ?

আৰ্হিমূলক প্ৰাৰ্থনাৰ দ্বিতীয়তে এইদৰে নিৱেদন কৰা হৈছে: “তোমাৰ ৰাজ্য হওক।” (মথি ৬:১০) এই নিৱেদন আৰু প্ৰথম নিৱেদনৰ মাজত এক নিবিড় সম্পৰ্ক আছে। যিহোৱাৰ নাম পবিত্ৰকৰণ কৰা সাধনটো হৈছে মচীহ ৰাজ্য বা স্বৰ্গীয় চৰকাৰ, যʼত তেওঁৰ পুত্ৰ যীচুক ৰজা হিচাবে নিযুক্ত কৰা হৈছে। (গীত ২:১-৯) এই মচীহ ৰাজ্যক দানিয়েল ভাববাদীৰ পুস্তকত এটা “শিলৰ” সৈতে তুলনা কৰিছে যি “পৰ্ব্বতৰ” পৰা ওলাই আহিছে। (দানিয়েল ২:৩৪, ৩৫, ৪৪, ৪৫) সেই পৰ্ব্বতটো যিহোৱাৰ বিশ্বব্যাপী আধিপত্যক বুজাইছে। ভৱিষ্যতবাণীত সেই শিলটো ‘এটা বৃহৎ পৰ্ব্বতলৈ পৰিণত হৈ গোটেই পৃথিৱী জুৰিলে’ বুলি উল্লেখ কৰা অভিব্যক্তিটোৰ অৰ্থ হৈছে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক প্ৰতিনিধিত্ব কৰা মচীহৰ ৰাজ্যই পৃথিৱীত শাসন কৰিব।

যীচুৰ সৈতে ৰজা আৰু পুৰোহিত হিচাবে শাসন কৰিবলৈ ১,৪৪,০০০ জন সদস্যক “মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা” হৈছে। (প্ৰকাশিত বাক্য ৫:৯, ১০; ১৪:১-৪; ২০:৬) ভৱিষ্যতবক্তা দানিয়েলে এই ব্যক্তিসকলক “সৰ্ব্বোপৰিজনাৰ পবিত্ৰ” লোক বুলি কৈছে। তেওঁলোকে যীচুৰ সৈতে “ৰাজ্যভাৰ আৰু ৰাজ্যশাসন, আৰু গোটেই আকাশ-মণ্ডলৰ তলত থকা ৰাজ্যবিলাকৰ মহিমা” পাব আৰু তেওঁবিলাকৰ ‘ৰাজ্য অনন্ত কাললৈকে থকা ৰাজ্য, আৰু সকলো শাসনকৰ্তাই তেওঁলোকক সেৱা কৰিব আৰু তেওঁলোকৰ আজ্ঞা পালন কৰিব।’ (দানিয়েল ৭:১৩, ১৪, ১৮, ২৭) যীচুৱে তেওঁৰ শিষ্যবিলাকক এই স্বৰ্গীয় চৰকাৰৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল।

সেই ৰাজ্যখন অহাৰ বিষয়ে কিয় এতিয়াও প্ৰাৰ্থনা কৰা আৱশ্যক?

৯. আমি কিয় ঈশ্বৰৰ ৰাজ্য অহাৰ বিষয়ে প্ৰাৰ্থনা কৰা উচিত?

আৰ্হিমূলক প্ৰাৰ্থনাত যীচুৱে আমাক আহিবলগীয়া ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকালে। বাইবেলৰ ভৱিষ্যতবাণী পূৰ্ণতাই দেখুৱাইছে যে ১৯১৪ চনত স্বৰ্গত মচীহ ৰাজ্য স্থাপিত হʼল। * তেন্তে এতিয়াও সেই ৰাজ্যখন “অহাৰ” বিষয়ে প্ৰাৰ্থনা কৰাটো উচিত হʼবনে? অৱশ্যেই হʼব। কিয়নো দানিয়েল ভাববাদী পুস্তকত মচীহ ৰাজ্যক এটা শিলৰ সৈতে তুলনা কৰিছে যি এটা বৃহৎ মূৰ্ত্তি অৰ্থাৎ মানৱ চৰকাৰবোৰক খুন্দা মাৰি ধূলিময় কৰিব বুলি কৈছে। যিটো নেকি ভৱিষ্যতে হʼবলগীয়া আছে। এই বিষয়ে দানিয়েল পুস্তকত এইদৰে কৈছে: “সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”—দানিয়েল ২:৪৪.

১০. আমি কিয় ঈশ্বৰৰ ৰাজ্য অহাৰ বাবে অপেক্ষা কৰি আছোঁ?

১০ আমি বহু সময়ৰ পৰা অপেক্ষা কৰি আছোঁ যে কেতিয়া ঈশ্বৰৰ ৰাজ্যই এই জগতৰ ৰীতি-ব্যৱস্থাক ধ্বংস কৰিব। কিয়নো ইয়াৰ দ্বাৰা যিহোৱাৰ নাম পবিত্ৰ আৰু তেওঁৰ সকলো শত্ৰুক সংহাৰ কৰা হʼব। সেইবাবে আমি এইদৰে প্ৰাৰ্থনা কৰোঁ: “তোমাৰ ৰাজ্য হওক” আৰু পাঁচনি যোহনৰ সৈতে এইদৰে কওঁ: “আমেন; হে প্ৰভু যীচু, আহক।” (প্ৰকাশিত বাক্য ২২:২০) যিহোৱাৰ নাম পবিত্ৰ আৰু তেওঁৰ আধিপত্যক দোষমুক্ত কৰিবলৈ যীচু যেন আঁহক আৰু গীতমালা ৰচোঁতাজনে কোৱা এইষাৰ কথা সত্যৰূপে প্ৰমাণিত হওক: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।”—গীত ৮৩:১৮.

“তোমাৰ ইচ্ছা পূৰ হওক”

১১, ১২. (ক) আমি “যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক” বুলি প্ৰাৰ্থনাৰ কৰা দ্বাৰা কি বিচাৰোঁ? (খ) আমি যিহোৱাৰ ইচ্ছা পূৰ হোৱাৰ সম্বন্ধে কৰা প্ৰাৰ্থনাই আৰু কি অৰ্থ ৰাখে?

১১ আৰ্হিমূলক প্ৰাৰ্থনাত যীচুৱে তেওঁৰ শিষ্যবিলাকক শিকোৱা তৃতীয়টো নিৱেদন আছিল: “তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) যিহোৱাৰ ইচ্ছাৰ বাবে এই বিশ্ব-মণ্ডলখন সৃষ্টি হৈছিল। সেইবাবে শক্তিশালী আত্মিক প্ৰাণীবিলাকে এইদৰে গীত গাইছিল: “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” (প্ৰকাশিত বাক্য ৪:১১) “স্বৰ্গত থকা আৰু পৃথিৱীত থকা” বস্তুবোৰৰ পিছত যিহোৱাৰ এক উদ্দেশ্য আছে। (ইফিচীয়া ১:৮-১০) আমি যিহোৱাৰ ইচ্ছা পূৰ হওক বুলি প্ৰাৰ্থনা কৰাৰ দ্বাৰা তেওঁক নিজৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ অনুৰোধ কৰিছোঁ। তদুপৰি আমি যে বহু সময়ৰ পৰা যিহোৱাৰ ইচ্ছা গোটেই বিশ্বত পূৰ হোৱাটো অপেক্ষা কৰিছোঁ, তাকো দেখুৱাইছোঁ।

১২ এই প্ৰাৰ্থনাৰ দ্বাৰা আমি যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিব বিচাৰিছোঁ বুলিও দেখুৱাইছোঁ। যীচুৱে এইদৰে কৈছিল: “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” (যোহন ৪:৩৪) সমৰ্পিত খ্ৰীষ্টান হোৱা হেতুকে আমিও যীচুৰ দৰে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলি আনন্দিত হওঁ। যিহোৱা আৰু তেওঁৰ পুত্ৰৰ প্ৰতি থকা আমাৰ প্ৰেমেই আমাক “মানুহৰ অভিলাষৰ দৰে আৰু কাল নিনিয়াই, ঈশ্বৰৰ ইচ্ছাৰৰ দৰে” জীৱন-যাপন কৰিবলৈ পৰিচালিত কৰিব। (১ পিতৰ ৪:১, ২; ২ কৰিন্থীয়া ৫:১৪, ১৫) আমি যিহোৱাৰ ইচ্ছাৰ বিৰুদ্ধে হোৱা কাৰ্য্যবোৰ নকৰিবলৈ চেষ্টা কৰোঁ। (১ থিচলনীকীয়া ৪:৩-৫) বাইবেল পাঠ কৰা আৰু অধ্যয়নৰ বাবে সময় উলিওৱাৰ দ্বাৰা আমি “প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা” আৰু ইয়াৰ সৈতে সক্ৰিয়ভাৱে “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰাও সন্মিলিত আছে।—ইফিচীয়া ৫:১৫-১৭; মথি ২৪:১৪.

স্বৰ্গত পূৰ হোৱা যিহোৱাৰ ইচ্ছা

১৩. চয়তানে বিদ্ৰোহী ভাৱনা দেখুৱাৰ বহু সময়ৰ পূৰ্ব্বেই ঈশ্বৰৰ ইচ্ছা স্বৰ্গত পূৰণ হোৱাত কেনেকৈ বাধা উৎপন্ন হোৱা নাছিল??

১৩ এজন আত্মিক পুত্ৰই বিদ্ৰোহী ভাৱনা দেখুৱাই স্বয়ং চয়তানৰ ৰূপ ধাৰণ কৰা বহু সময়ৰ পূৰ্ব্বেই যিহোৱাৰ ইচ্ছা স্বৰ্গত পূৰ হোৱাত কোনো বাধা উৎপন্ন হোৱা নাছিল। বাইবেলৰ হিতোপদেশ নামৰ পুস্তকখনে ঈশ্বৰৰ প্ৰথমজাত পুত্ৰক বুদ্ধি-কৌশল বুলি উল্লেখ কৰিছে। তদুপৰি ইয়াকো কৈছে যে এই ঈশ্বৰৰ পুত্ৰজনে কোটি কোটি বছৰ ধৰি তেওঁৰ পিতৃ ইচ্ছা পূৰ কৰি সদায় আনন্দ কৰিছিল। পিছলৈ “যীচু স্বৰ্গত আৰু পৃথিবীত, দৃশ্য আৰু অদৃশ্য যি যি আছে” সেই সকলোবোৰৰ ‘প্ৰধান কাৰ্য্যকাৰক’ হৈছিল। (হিতোপদেশ ৮:২২-৩১; কলচীয়া ১:১৫-১৭) তদুপৰি যিহোৱাই তেওঁক বাক্য বা প্ৰবক্তা হিচাবে ব্যৱহাৰ কৰিছিল।—যোহন ১:১-৩.

১৪. আত্মিক প্ৰাণীবিলাকে স্বৰ্গত যিহোৱাৰ ইচ্ছা পূৰ কৰাৰ সম্বন্ধে আমি গীত ১০৩ পৰা কি শিকিব পাৰোঁ?

১৪ গীতমালা ৰচোঁতাজনে দেখুৱাইছে যে যিহোৱাৰ আধিপত্য সকলোতকৈ মহান আৰু আত্মিক প্ৰাণীবিলাকে তেওঁৰ নিৰ্দ্দেশনাক পালন কৰে। এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাই স্বৰ্গত নিজ সিংহাসন স্থাপন কৰিলে, আৰু তেওঁৰ শাসন সকলোৰে ওপৰত আছে। হে যিহোৱাৰ দূতবিলাক, তেওঁৰ ধন্যবাদ কৰা; তেওঁৰ বাকলৈ কাণ পাতি তেওঁৰ বাক্য সিদ্ধ কৰোঁতা হে পৰাক্ৰমী বীৰবিলাক, তেওঁৰ ধন্যবাদ কৰা। হে যিহোৱাৰ বাহিনীসমূহ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱাৰ ইচ্ছা পূৰ কৰোঁতা তেওঁৰ পৰিচাৰকবিলাক, তেওঁৰ ধন্যবাদ কৰা। হে যিহোৱাৰ কাৰ্য্যবিলাক, তেওঁৰ ৰাজ্যৰ সকলো ঠাইত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।”—গীত ১০৩:১৯-২২.

১৫. যীচুৱে ৰাজ্যভাৰৰ দায়িত্ব বহন কৰাৰ পিছত কেনেকৈ ঈশ্বৰৰ ইচ্ছা পূৰ হৈছিল?

১৫ বাইবেলৰ ইয়োব নামৰ পুস্তকখনৰ পৰা জানিব পৰা যায় যে চয়তানে বিদ্ৰোহ কৰাৰ পিছতো স্বৰ্গলৈ অহা-যোৱা কৰিছিল। (ইয়োব ১:৬-১২; ২:১-৭) কিন্তু প্ৰকাশিত বাক্যৰ পুস্তকখনে এনে এক সময়ৰ বিষয়ে উল্লেখ কৰিছে যʼত চয়তান আৰু তাৰ দূতবিলাকক স্বৰ্গৰ পৰা খেদি পঠিয়াব। ১৯১৪ চনত যীচুৱে নিজৰ ৰাজ্যৰ দায়িত্বভাৰ বহন কৰাৰ অলপ সময়ৰ পিছতে এই ঘটনাটো ঘটিল। তেতিয়াৰ পৰা চয়তান আৰু তাৰ দূতবিলাকৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ কৰা হʼল। সিহঁতক পৃথিৱীলৈ পেলাই দিয়া হʼল। (প্ৰকাশিত বাক্য ১২:৭-১২) তেতিয়াৰ পৰা স্বৰ্গত বাদ-বিবাদ সৃষ্টি কৰাৰ কোনো শব্দ শুনা নগʼল। কেৱল “মেৰ পোৱালী” আৰু যিহোৱাৰ প্ৰশংসা কৰা শুনা গʼল। (প্ৰকাশিত বাক্য ৪:৯-১১) নিশ্চই যিহোৱাৰ ইচ্ছা স্বৰ্গত পূৰ্ণ হৈছে।

পৃথিৱীৰ বাবে যিহোৱাৰ ইচ্ছা

১৬. আৰ্হিমূলক প্ৰাৰ্থনাই কেনেকৈ খ্ৰীষ্টীয়জগতে মানৱজাতিৰ সম্বন্ধে ৰাখা আশাক খণ্ডন কৰে?

১৬ খ্ৰীষ্টীয়জগতৰ লোকসকলে পৃথিৱীৰ বাবে থকা ঈশ্বৰৰ ইচ্ছাক অগ্ৰাহ্য কৰি নম্ৰ ব্যক্তিবিলাকে স্বৰ্গত প্ৰৱেশ কৰিব বুলি দাবী কৰে। কিন্তু ইয়াৰ বিপৰীতে যীচুৱে আমাক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) তেন্তে এইটো কল্পনা কৰা সঠিক হʼবনে যে আজি ঈশ্বৰৰ ইচ্ছা হিংসা, অন্যায়, ৰোগ, মৃত্যু আদিৰ দ্বাৰা পূৰ্ণ হৈছে? আমি কেতিয়াও তেনেদৰে কল্পনা কৰিব নোৱাৰো। গতিকে আমি পাঁচনি পিতৰে কৰা প্ৰতিজ্ঞা অনুসাৰে এইদৰে প্ৰাৰ্থনা কৰাটো উচিত: “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল [মচীহ ৰাজ্য] আৰু নতুন পৃথিবীলৈ [ধাৰ্ম্মিক লোকেৰে গঠিত এক সমাজ] অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।”—২ পিতৰ ৩:১৩.

১৭. পৃথিৱীখনৰ বাবে যিহোৱাৰ ইচ্ছা কি?

১৭ এই পৃথিৱীখনক সৃষ্টি কৰাৰ পিছত যিহোৱাৰ এক উদ্দেশ্য আছিল। যাৰ বাবে তেওঁ ভৱিষ্যতবক্তা যিচয়াক এইদৰে লিখিবলৈ প্ৰেৰিত কৰিলে: “যি জনা ঈশ্বৰ, যি জনা পৃথিবীৰ গঠনকৰ্ত্তা আৰু নিৰ্ম্মাণকৰ্ত্তা, যি জনাই তাক স্থাপন কৰিলে, যি জনাই অনৰ্থকৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে তাক নিৰ্ম্মাণ কৰিলে, আকাশ-মণ্ডলৰ সৃষ্টিকৰ্ত্তা সেই যিহোৱাই এই কথা কৈছে, ‘ময়েই যিহোৱা, আন কোনো নাই।’” (যিচয়া ৪৫:১৮) প্ৰথম মানৱ দম্পত্তিক সৃষ্টি কৰাৰ পিছত ঈশ্বৰে তেওঁলোকক এদন নামৰ বাগিছাখনত ৰাখি এইদৰে নিৰ্দ্দেশনা দিছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা।” (আদিপুস্তক ১:২৭, ২৮; ২:১৫) নিশ্চই সৃষ্টিকৰ্ত্তাজনৰ ইচ্ছা এইয়ে যে পৃথিৱীখন এনে সিদ্ধ মানৱজাতিৰে পূৰ্ণ হওক, যিসকলে নিজকে ঈশ্বৰৰ আধিপত্যৰ অধীন কৰে আৰু অনন্তকাল জীয়াই থাকিব পাৰে।—গীত ৩৭:১১, ২৯; লূক ২৩:৪৩.

১৮, ১৯. (ক) ঈশ্বৰৰ ইচ্ছাক সম্পূৰ্ণভাৱে এই পৃথিৱীত পূৰ হোৱাৰ আগেয়ে কি হোৱাটো অতি প্ৰয়োজন? (খ) পৰৱৰ্তী লেখত যীচুৰ আৰ্হিমূলক প্ৰাৰ্থনাৰ কেনে আন দিশৰ সম্পৰ্কে আলোচনা কৰা হʼব?

১৮ যেতিয়ালৈকে এই পৃথিৱীখনত যিহোৱাৰ আধিপত্যৰ বিৰুদ্ধে থিয় হোৱা লোকসকল থাকিব তেতিয়ালৈকে তেওঁৰ ইচ্ছা কেতিয়াও পূৰ হʼব নোৱাৰে। তেওঁ যীচুৰ অধীনত থকা শক্তিশালী আত্মিক বাহিনীবিলাকক ব্যৱহাৰ কৰি “পৃথিবী নাশকবিলাকক নাশ” কৰিব। তদুপৰি চয়তানৰ সম্পূৰ্ণ ৰীতি-ব্যৱস্থাৰ সৈতে মিছা ধৰ্ম্ম, ৰাজনৈতিক শক্তি, লোভীয়া আৰু প্ৰবঞ্চক বেপাৰী আৰু সৈন্য-সামন্তকো ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ১১:১৮; ১৮:২১; ১৯:১, ২, ১১-১৮) যিহোৱাৰ আধিপত্যৰ প্ৰতিপন্ন আৰু তেওঁ নাম পবিত্ৰকৰণ হʼব। এই সকলোবোৰ আমি কৰা এই প্ৰাৰ্থনাত উল্লেখ হয়: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।”—মথি ৬:৯, ১০.

১৯ যীচুৱে আৰ্হিমূলক প্ৰাৰ্থনাত দেখুৱাইছিল যে আমি কেনেকৈ নিজৰ প্ৰয়োজনীয় বস্তুৰ বাবে নিৱেদন কৰিব পাৰোঁ। এই সম্বন্ধে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 2/01)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখনৰ ৬ অধ্যায়ত চাওক।

আপুনি উত্তৰ দিব পাৰিবনে?

• আমি কিয় যিহোৱাক আমাৰ “পিতৃ” বুলি সম্বোধিত কৰা উচিত?

• যিহোৱাৰ নাম পবিত্ৰ হোৱা বুলি প্ৰাৰ্থনা কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ?

• আমি কিয় ঈশ্বৰৰ ৰাজ্য আহিব লাগে বুলি প্ৰাৰ্থনা কৰোঁ?

• যেনেকৈ ঈশ্বৰৰ ইচ্ছা স্বৰ্গত পূৰ হয় তেনেকৈ পৃথিৱীত পূৰ হওক বুলি কৰা প্ৰাৰ্থনাৰ দ্বাৰা কি প্ৰকাশ পায়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৫ পৃষ্ঠাৰ ছবি]

যীচু আৰু ফৰাচীবিলাকে কৰা প্ৰাৰ্থনাৰ মাজত এক গভীৰ ভিন্নতা আছিল

[৬ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলে কৰা প্ৰাৰ্থনা হৈছে, ঈশ্বৰৰ ৰাজ্য অহা, তেওঁৰ নাম পবিত্ৰ আৰু ইচ্ছা পূৰ হোৱা