Skip to content

Skip to table of contents

ঈশ্বৰক মহিমা কৰা সকল ধন্য

ঈশ্বৰক মহিমা কৰা সকল ধন্য

ঈশ্বৰক মহিমা কৰা সকল ধন্য

‘তোমাৰ আগত প্ৰণিপাত কৰিব আৰু তোমাৰ নাম গৌৰৱান্বিত কৰিব।’—গীত ৮৬:৯.

১. যিহোৱাৰ মহিমা কৰাৰ ক্ষেত্ৰত আমি মানৱে কিয় নিৰ্জীৱ বস্তুতকৈ শ্ৰেষ্ঠ?

 স্ব ৰ্গত আৰু পৃথিৱীত থকা সকলোবোৰ সৃষ্টি কৰাৰ বাবে যিহোৱাই একমাত্ৰ সকলোৰে মহিমা পোৱাৰ যোগ্য। সকলো নিৰ্জীৱ বস্তুৱে মৌনভাৱে তেওঁৰ মহিমা কৰিছে। আনহাতে মানৱে যুক্তি দৰ্শন, উপলব্ধি, প্ৰশংসা আৰু উপাসনা কৰাৰ ক্ষমতা আছে। সেয়েহে আমাক অভিপ্ৰায় কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “হে গোটেই পৃথিবীৰ লোকবিলাক, তোমালোকে ঈশ্বৰৰ উদ্দেশে আনন্দ-ধ্বনি কৰা। তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ প্ৰশংসাক গৌৰৱান্বিত কৰা।”—গীত ৬৬:১, ২.

২. ঈশ্বৰৰ মহিমা কৰিবলৈ কোনসকলে আগবাঢ়ি আহিছে আৰু কিয়?

বেছিভাগ লোকে আজি ঈশ্বৰৰ বিষয়ে জানিবলৈ বা মহিমা কৰিবলৈ অগ্ৰাহ্য কৰিছে। বৰ্তমান সময়ত ৬০ লাখতকৈ অধিক যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত জগতৰ সৃষ্টিবোৰত দেখা ঈশ্বৰৰ “অদৃশ্য গুণবোৰ” আৰু নিৰ্জীৱ বস্তুৱে মৌনভাৱে কোৱা কথা ‘শুনাৰ’ বিষয়ে প্ৰচাৰ কৰিছে। (ৰোমীয়া ১:২০; গীত ১৯:২, ৩) তদুপৰি বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱাৰ বিষয়ে জনা আৰু তেওঁক প্ৰেম কৰাৰ বিষয়েও জানিব পাৰিছে। এই সম্পৰ্কে গীত ৮৬:৯, ১০ পদত এইদৰে কৈছে: “হে প্ৰভু, তুমি উৎপন্ন কৰা সকলো জাতিবিলাকে আহি তোমাৰ আগত প্ৰণিপাত কৰিব। আৰু তোমাৰ নাম গৌৰৱান্বিত কৰিব। কিয়নো তুমি মহান আৰু আচৰিত কৰ্ম্ম কৰোঁতা। অকল তুমিয়েই ঈশ্বৰ।”

৩. কেনেকৈ ‘এক বৰ লোকসমূহে দিনে-ৰাতিয়ে যিহোৱাৰ আৰাধনা কৰিছে’?

প্ৰকাশিত বাক্য ৭:৯, ১৫ পদত বৰ্ণনা কৰিছে যে, ‘এক বৰ লোকসমূহে দিনে ৰাতিয়ে ঈশ্বৰৰ মন্দিৰত তেওঁৰ আৰাধনা কৰিছে।’ ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে তেওঁলোকক তেনেদৰে কৰিবলৈ বাধ্য কৰিছে। কিন্তু তেওঁলোকে বিশ্বব্যাপী সংগঠনৰ সদস্য হোৱাৰ বাবে দিনে-ৰাতিয়ে তেওঁৰ আৰাধনা কৰিছে। তেওঁলোকে কেনেকৈ দিনে-ৰাতিয়ে আৰাধনা কৰিছে? যেতিয়া পৃথিৱীৰ পশ্চিমফালে ৰাতি হয় তেতিয়া পূবফালে দিনৰ ভাগত যিহোৱাৰ উপাসকসকলে প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকে। গতিকে তেওঁলোকৰ বাবে সূৰ্য্য কেতিয়াও অস্ত নহয় বুলি কʼব পাৰি। এনে এক সময় অতি শীঘ্ৰেই আহিবলগীয়া আছে, যʼত “নিশ্বাস থকা সকলোৱেই” যিহোৱাৰ মহিমা কৰিব। (গীত ১৫০:৬) কিন্তু বৰ্তমান সময়ত আমি ব্যক্তিগতভাৱে ঈশ্বৰক মহিমা কৰিবলৈ কি কৰিব পাৰোঁ? আমি কেনে ধৰণৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সৈতে সম্মুখীন হʼব পাৰোঁ? ঈশ্বৰক মহিমা কৰোঁতাসকলে ভৱিষ্যতে কেনে আশীৰ্ব্বাদ পাব? আঁহক আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ গাদ নামৰ এটা ইস্ৰায়েলী জাতিৰ বিষয়ে বিবেচনা কৰোঁহঁক।

প্ৰাচীন সময়ৰ এক প্ৰত্যাহ্বানজনক পৰিস্থিতি

৪. গাদ নামৰ ইস্ৰায়েলী জাতিয়ে কেনে ধৰণৰ গম্ভীৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল?

প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা পূৰ্ব্বেই গাদ নামৰ ইস্ৰায়েলী জাতিয়ে যৰ্দ্দন নদীৰ পূবদিশত অৱস্থিত তৃণভূমি থকা দেশখনত বাস কৰিবলৈ অনুৰোধ কৰিছিল, যাতে তেওঁলোকৰ বৃহৎ সংখ্যাত থকা ঘৰচীয়া জীৱ-জন্তুক পোহ-পাল কৰিবলৈ কোনো কষ্ট নহয়। (গণনা পুস্তক ৩২:১-৫) কিন্তু তাত বাস কৰাৰ অৰ্থ আছিল প্ৰত্যেকদিনা গম্ভীৰ প্ৰত্যাহ্বানজক পৰিস্থিতিৰ সম্মুখীন হোৱা। আনহাতে, যৰ্দ্দন নদীখনৰ বাবে তাৰ পশ্চিমে অৱস্থিত থকা দেশখনক শত্ৰুবিলাকে সহজে আক্ৰমণ কৰিব নোৱাৰিছিল। (যিহোচূৱা ৩:১৩-১৭) কিন্তু নদীখনৰ পূবদিশত অৱস্থিত থকা ঠাইবোৰৰ পৰা যে বিপদৰ সম্ভাৱনা আছিল, এই বিষয়ে জৰ্জ এদেম স্মীথে লিখা দ্য হিচ্‌ট্ৰিকেল জিৱ্‌গ্ৰাফী অৱ দ্য হলি লেন্ড নামৰ কিতাপখনত এইদৰে কৈছে: “ইয়াৰ বেছিভাগ ঠাই মুকলি পথাৰ, সমান্তৰাল ভূমি আৰু আৰবীয় মালভূমিৰ লৈকে কোনো পৰ্ব্বতমালা নাছিল। গতিকে তেওঁলোকৰ ওপৰত সদায়ে ভোকাতুৰ অঘৰী যাযাবৰ লোকবিলাকে আক্ৰমণ কৰাৰ বিপদ আছিল। তদুপৰি তেওঁলোকৰ কিছুমানে প্ৰত্যেক বছৰে চৰণীয়া পথাৰত থকা জীৱ-জন্তুকো আক্ৰমণ কৰিব আহিছিল।

৫. শত্ৰুৰ সম্মুখীন হʼবলৈ যাকোবে গাদ নামৰ ইস্ৰায়েলী জাতিক কেনেকৈ উৎসাহিত কৰিছিল?

এই ইস্ৰায়েলী জাতিয়ে কেনেকৈ তেনে ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল? বহু শতিকাৰ পূৰ্ব্বেই তেওঁলোকৰ কূলপিতৃ যাকোব মৃতৱস্থাত থকাৰ সময়ত ভৱিষ্যতবাণী কৰি এইদৰে কৈছিল: “গাদক হলে সৈন্য এদলে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছ ফালে আক্ৰমণ কৰিব।” (আদিপুস্তক ৪৯:১৯) এই বাক্যবোৰ শুনি হয়তো নিৰুদম্য হোৱা যেন লাগিব পাৰে, কিন্তু বাস্তৱতে তেওঁলোকক দৃঢ়ৰূপে শত্ৰুক আক্ৰমণ কৰিবলৈ আজ্ঞা দিয়া হৈছিল। যাকোবে আশ্বাস দি কৈছিল যে যদি তেওঁলোকে তেনেদৰে কৰে তেন্তে শত্ৰুবিলাকক সম্পূৰ্ণকৈ পৰাস্ত কৰিব পাৰিব।

বৰ্তমান আমাৰ উপাসনাৰ সম্বন্ধে অহা প্ৰত্যাহ্বানবোৰ

৬, ৭. বৰ্তমান সময়ত খ্ৰীষ্টানসকলৰ পৰিস্থিতি গাদ নামৰ ইস্ৰায়েলী জাতিৰ সৈতে কেনেকৈ তুলনা কৰিব পাৰি?

আজিৰ প্ৰকৃত খ্ৰীষ্টানসকলেও গাদ নামৰ ইস্ৰায়েলী জাতিৰ নিচিনাকৈ চয়তানৰ জগতৰ পৰা অহা হেঁচা আৰু প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছে। সেইবোৰৰ পৰা উদ্ধাৰ পাবলৈ আমি যে কোনো অলৌকিক শক্তি পাম, এনে নহয়। (ইয়োব ১:১০-১২) আমাৰ বহুতে স্কুল, কৰ্ম্মস্থল আৰু লʼৰা-ছোৱালীক প্ৰতিপালন কৰিবলৈ হেঁচাৰ সম্মুখীন হʼবলগীয়া হয়। তদুপৰি আমাৰ কিছুমানে হয়তো কোনো ৰোগ, শাৰীৰিক বা মানসিক অক্ষমতাৰ বাবে “শৰীৰত এটা কাঁহট” থকা যেন অনুভৱ কৰিছে। (২ কৰিন্থীয়া ১২:৭-১০) অন্যসকলে হয়তো নিজকে অযোগ্য বুলি ভাবিছে। বহুতো খ্ৰীষ্টানৰ বাবে তেওঁলোকৰ বৃদ্ধৱস্থা “দুখৰ দিন” হৈ পৰিছে। কিয়নো তেওঁলোকে ডেকা বয়সত কৰাৰ নিচিনাকৈ যিহোৱাৰ উপাসনা উৎসাহেৰে কৰিব পৰা নাই।—উপদেশক ১২:১.

পাঁচনি পৌলে ইয়াকো সোঁৱৰাই কৈছে যে, “আমাৰ মালযুদ্ধ . . . আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” (ইফিচীয়া ৬:১২) আমি বাৰে বাৰে “জগতৰ আত্মা” অৰ্থাৎ বিদ্ৰোহী মনোবৃত্তি আৰু চয়তান আৰু তাৰ আত্মিক দলবোৰে উৎপন্ন কৰা অনৈতিক কাৰ্য্যবোৰৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছে। (১ কৰিন্থীয়া ২:১২; ইফিচীয়া ২:২, ৩) আমাৰ চাৰিওফালে থকা লোকসকলৰ অনৈতিক কাৰ্য্য বা আচাৰ-ব্যৱহাৰ দেখি আমি হয়তো ঈশ্বৰলৈ সশ্ৰদ্ধা ভয় ৰাখা লোটৰ দৰে অনুভৱ কৰিছোঁ। (২ পিতৰ ২:৭) আমি চয়তানে পোনপটীয়াকৈ কৰা আক্ৰমণৰো সম্মুখীন হৈছোঁ। তদুপৰি সি “ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰাবিলাক” অৰ্থাৎ অভিষিক্ত ব্যক্তিসকলৰ অহিতে যুদ্ধ কৰিবলৈ উঠি পৰি লাগিছে। (প্ৰকাশিত বাক্য ১২:১৭) আনকি যীচুৰ ‘অন্য মেৰৰ’ সদস্যসকলেও তাড়নাৰ সম্মুখীন আৰু তেওঁলোকৰ কাৰ্য্যত প্ৰতিবন্ধ লগোৱা হৈছে।—যোহন ১০:১৬.

আপুনি আত্মসৰ্মপণ নে বিৰোধ কৰিব?

৮. চয়তানে কৰা আক্ৰমণৰ প্ৰতি আমি কেনে আৰু কিয় তেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

চয়তানে কৰা আক্ৰমণৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? আমি গাদ জাতিৰ নিচিনাকৈ আধ্যাত্মিকভাৱে দৃঢ় হৈ যিহোৱাৰ নিৰ্দ্দেশনাৰ অনুসাৰে তাক বিৰোধ কৰা উচিত। কিন্তু ই অতি দুখৰ বিষয় যে কিছুমানে জীৱনৰ হেঁচাবোৰত আত্মসমৰ্পণ কৰি আধ্যাত্মিক বিষয়বোৰক অৱহেলা কৰিছে। (মথি ১৩:২০-২২) এজন সাক্ষীয়ে তেওঁলোকৰ মণ্ডলীৰ সভাত উপস্থিত হোৱা সংখ্যা হ্ৰাস হোৱাৰ বিষয়ে এইদৰে কৈছে: “ভাই-ভনীসকলে গোটেই দিনটো কামত ব্যস্ত থকাৰ বাবে ইমানেই ক্লান্ত হৈ পৰে যে সভাত উপস্থিত থাকিব নোৱাৰে।” এইটো সঁচা যে লোকসকলে আজি বহুতো কাৰণৰ বাবে ক্লান্ত অনুভৱ কৰে। গতিকে এনে পৰিস্থিতিৰ মাজত ঈশ্বৰক উপাসনা কৰাটো এটা গধুৰ বোজা বা হেঁচা বুলি ভাবিব পাৰে। কিন্তু তেনে ধৰণে ভবাটো উচিত হʼবনে?

৯. যীচুৰ যুৱলি লৈ আমি কেনেকৈ জিৰণি পাব পাৰোঁ?

যীচুৰ সময়ত থকা ভাৰাক্ৰান্ত লোকসকলক উদ্দেশ্য কৰি তেওঁ কি কৈছিল, সেই বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম।” ইয়াত যীচুৱে এজন ব্যক্তিয়ে সংক্ষিপ্তভাৱে ঈশ্বৰৰ সেৱা কৰি জিৰণি পোৱাৰ বিষয়ে কৈছিল নে? অৱশ্যেই নহয়! ইয়াৰ বিপৰীতে তেওঁ এইদৰে কৈছিল: “মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।” এজন ব্যক্তি বা এটা জন্তুৱে গধুৰ ভাৰ বহন কৰিবলৈ কাঠৰ অথবা ধাতুৰে নিৰ্ম্মিত যুৱলী ব্যৱহাৰ কৰা হয়। কোনোবাই জানো তেনে গধুৰ বোজা কঢ়িয়াই নিব বিচাৰিবনে? আমি ইতিমধ্যেই “ভাৰাক্ৰান্ত” হৈছে বুলি অনুভৱ কৰা নাইনে? নিশ্চয়ে অনুভৱ কৰিছোঁ। কিন্তু গ্ৰীক ভাষাত যীচুৱে কোৱা এই বাক্যশাৰীত আমি এইদৰে পঢ়িবলৈ পাওঁ: “তোমালোকে মোৰ সৈতে এই যুৱলী লোৱা।” ক্ষন্তেক ভাবি চাওক, যীচুৱে আমাৰ সৈতে ভাৰ বহন কৰিব বুলি কোৱা নাইনে! এই ভাৰ আমাৰ নিজৰ শক্তিৰে বহন কৰিব লাগিব বুলি কোৱা নাই।—মথি ৯:৩৬; ১১:২৮, ২৯; ২ কৰিন্থীয়া ৪:৭.

১০. ঈশ্বৰক মহিমা কৰাৰ বাবে প্ৰচেষ্টা কৰি আমি কেনে ফলাফল লাভ কৰিছোঁ?

১০ যেতিয়া আমি যীচুৰ শিষ্যত্বৰ যুৱলি লওঁ তেতিয়া আমাৰ যুদ্ধ চয়তানৰ সৈতে আৰম্ভ হয়। যাকোব ৪:৭ পদত কৈছে যে, “চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।” ইয়াত এইটো কোৱা নাই যে তেনে পদক্ষেপ লোৱাটো অতি সহজ। বাস্তৱতে ঈশ্বৰক সেৱা কৰিবলৈ অনেক প্ৰচেষ্টাৰ আৱশ্যক। (লূক ১৩:২৪) এই সম্পৰ্কে গীত ১২৬:৫ পদত আশ্বাস দি আমাক এইদৰে কৈছে: “যিবিলাকে চকু-লোৰে বয়, সিবিলাকে আনন্দেৰে দাব।” আমি কোনো অকৃতজ্ঞশীল ঈশ্বৰৰ সেৱা কৰা নাই আৰু বাইবেলে কৈছে যে ঈশ্বৰে “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা।”—ইব্ৰী ১১:৬.

ৰাজ্য প্ৰচাৰক হিচাবে ঈশ্বৰৰ মহিমা কৰা

১১. প্ৰচাৰ কাৰ্য্যই কেনেকৈ আমাক চয়তানে কৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে?

১১ যীচুৱে এইদৰে আজ্ঞা দিছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য” বনোৱা। আচলতে প্ৰচাৰ কাৰ্য্য হৈছে “স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ” কৰা এক প্ৰমুখ মাধ্যম। (মথি ২৮:১৯; ইব্ৰী ১৩:১৫) তদুপৰি আমি ‘শান্তিৰ শুভবাৰ্ত্তাৰ প্ৰস্তুততাৰে জোতা ভৰিত পিন্ধি থিৰে থাকাটো’ হৈছে ‘আটাই অস্ত্ৰ-শস্ত্ৰ লোৱাৰ’ এটা অংশ যি চয়তানে কৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে। (ইফিচীয়া ৬:১১-১৫) প্ৰচাৰ কাৰ্য্য হৈছে এনে এক উত্তম সুযোগ যাৰ দ্বাৰা আমি ঈশ্বৰক মহিমা কৰি নিজৰ বিশ্বাস দৃঢ় কৰোঁ। (২ কৰিন্থীয়া ৪:১৩) এই প্ৰচাৰ কাৰ্য্যই নিৰুৎসাহিত হোৱা বিচাৰধাৰাৰ পৰা আমাৰ মনটোক আঁতৰাই ৰাখে। (ফিলিপীয়া ৪:৮) আনকি ই আমাক সঙ্গী ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি উৎসাহিত হʼবলৈও সহায় কৰে।

১২, ১৩. নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা পৰিয়ালে কেনেকৈ লাভৱান হʼব পাৰে? বৰ্ণনা কৰক।

১২ প্ৰচাৰ কাৰ্য্য পৰিয়ালৰ বাবে এক হিতজনক কৰ্ম্ম হʼব পাৰে। ইয়াৰ বাবে কিশোৰ-কিশোৰীসকলে মনোৰঞ্জনৰ প্ৰতি ভাৰসাম্য বজাই ৰাখা উচিত। কিন্তু এটা পৰিয়ালৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ যে অনেক কষ্ট কৰিব লাগে, এনে নহয়। পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কাৰ্য্যকাৰী প্ৰচাৰক হʼবলৈ প্ৰশিক্ষণ দিব পাৰে। লʼৰা-ছোৱালীয়ে কোনো এক কাৰ্য্য উত্তমৰূপে কৰি আনন্দিত নহয়নে? লʼৰা-ছোৱালীক তেওঁলোকৰ সক্ষমতাৰ বাহিৰে নহয়, কিন্তু প্ৰচাৰ কাৰ্য্যত ভাৰসাম্যতা বজাই ৰাখি আনন্দ লাভ কৰাত পিতৃ-মাতৃসকলে সহায় কৰিব পাৰে।—আদিপুস্তক ৩৩:১৩, ১৪.

১৩ যি পৰিয়ালে একত্ৰিত হৈ ঈশ্বৰৰ মহিমা কৰে, তেনে পৰিয়ালৰ বন্ধন অধিক শক্তিশালী হয়। উদাহৰণস্বৰূপে, সত্যত নথকা এজন স্বামীয়ে পৰিত্যাগ কৰা পাঁচটা লʼৰা-ছোৱালী থকা এগৰাকী খ্ৰীষ্টান মাতৃৰ বিষয়ে বিবেচনা কৰক। তাইৰ কাৰণে চাকৰি পোৱা আৰু পাঁচটা লʼৰা-ছোৱালীক প্ৰতিপালন কৰাটো এক প্ৰত্যাহ্বানজনক বিষয় আছিল। এনে গভীৰ দায়িত্ব বহন কৰিবলগীয়া হোৱাৰ স্বত্ত্বেও তাই নিজৰ লʼৰা-ছোৱালীবিলাকক আধ্যাত্মিকভাৱে প্ৰশিক্ষণ দিবলৈ হেয়জ্ঞান কৰিছিল নে? এই বিষয়ে তাই কি কৈছে, শুনক: “মই অতি যত্নৰে বাইবেল আৰু ইয়াৰ আধাৰিত প্ৰকাশনবোৰ পঢ়ি আৰু অধ্যয়ন কৰি জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হয়, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। মই নিয়মীয়াকৈ মোৰ লʼৰা-ছোৱালীবিলাকক সভাবোৰত আৰু প্ৰচাৰ কাৰ্য্যত লৈ গৈছিলোঁ। তাৰ কেনে পৰিণাম হʼল? মই এইদৰে কৰা প্ৰচেষ্টাৰ বাবে আজি মোৰ পাঁচটা লʼৰা-ছোৱালী বাপ্তিষ্মা প্ৰাপ্ত হʼল।” ঠিক সেইদৰে সম্পূৰ্ণকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ কৰা আপোনাৰ প্ৰচেষ্টাই লʼৰা-ছোৱলীবিলাকক “প্ৰভুৰ শিক্ষা আৰু চেতনাত” প্ৰতিপালন কৰিবলৈ সহায় কৰিব।—ইফিচীয়া ৬:৪.

১৪. (ক) কিশোৰ-কিশোৰীসকলে কেনেকৈ স্কুলত ঈশ্বৰৰ মহিমা কৰিব পাৰে? (খ) কিহে তেওঁলোকক ‘শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত লাজ অনুভৱ নকৰিবলৈ’ সহায় কৰিব?

১৪ কিশোৰ-কিশোৰীসকল, আপোনালোকে বাস কৰা দেশখনত যদি প্ৰচাৰ কৰিবলৈ আইনে অনুমতি দিছে তেন্তে স্কুলত সাক্ষী দিবলৈ আগবাঢ়ি আহিছেনে বা মানুহলৈ ভয় কৰাৰ বাবে সাক্ষী দিয়াৰ পৰা বিৰত আছে? (হিতোপদেশ ২৯:২৫) পুয়েৰ্ট’ ৰিকো’ দেশত থকা এগৰাকী ১৩ বছৰীয়া সাক্ষী ভনীয়ে এইদৰে কৈছে: “মই কেতিয়াও স্কুলত সাক্ষী দিবলৈ লাজ নকৰোঁ, কিয়নো মই জানো যে এইয়া সত্য। মই বাইবেলৰ পৰা যি শিকিলোঁ, সেই বিষয়ে সদায়ে শ্ৰেণী কক্ষত থিয় হৈ কʼবলৈ সাজু থাকোঁ। আজৰি সময়ত মই স্কুলৰ লাইব্ৰেৰীলৈ গৈ যুৱক-যুৱতীসকলে সোধা নামৰ কিতাপখন পঢ়োঁ।” * যিহোৱাই তাই কৰা এনে প্ৰচেষ্টাৰ বাবে আশীৰ্ব্বাদ দিলেনে? এই বিষয়ে তাই এইদৰে কয়: “মোৰ সহপাঠীসকলে মোক অনেক প্ৰশ্ন সোধাৰ উপৰিও যুৱক-যুৱতীসকলে সোধা নামৰ কিতাপখনৰ একোটাকৈ কপি বিচাৰিছে।” যদি আপুনি এতিয়ালৈকে তেনে পদক্ষেপ লোৱা নাই তেন্তে যত্নশীলতাৰে ব্যক্তিগত অধ্যয়ন কৰাৰ দ্বাৰা “ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবলৈ” চেষ্টা কৰা আৱশ্যক। (ৰোমীয়া ১২:২) যেতিয়া আপুনি শিকা বিষয়বোৰ সত্য বুলি বিশ্বাস কৰিব তেতিয়া আনৰ আগত ‘শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ লাজ অনুভৱ নকৰিব।’—ৰোমীয়া ১:১৬.

সেৱা কাৰ্য্যৰ এখন ‘দুৱাৰ মুকলি’ হোৱা

১৫, ১৬. “কাৰ্য্যসাধক এখন বৰ দুৱাৰ” মুকলি হোৱা সুযোগত ভাগ লোৱা কিছুমান অগ্ৰগামী সেৱা কৰা ভাই ভনীয়ে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিছে?

১৫ পাঁচনি পৌলে কৈছিল যে, “কাৰ্য্যসাধক এখন বৰ দুৱাৰ” তেওঁৰ বাবে মুকলি হʼল। (১ কৰিন্থীয়া ১৬:৯) অধিককৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আপোনাৰ পৰিস্থিতিয়ে আপোনাক অনুমতি দিয়েনে? উদাহৰণস্বৰূপে, নিয়মিত বা সহযোগী অগ্ৰগামী সেৱাত ভাগ লোৱাৰ অৰ্থ হৈছে প্ৰত্যেক মাহে ৭০ অথবা ৫০ ঘন্টা সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰা। অগ্ৰগামী সেৱা কাৰ্য্যত ভাগ লোৱাসকলে নিজৰ সঙ্গী ভাই-ভনীবিলাকে নিষ্ঠাৰে কৰা সেৱা কাৰ্য্যৰ প্ৰতি আন্তৰিকতাৰে শলাগ লয়। তেওঁলোকে আনতকৈ অধিক প্ৰচাৰ কাৰ্য্যত ভাগ লব পৰাৰ বাবে নিজকে কেতিয়াও উচ্চ বুলি নাভাবে। তাৰ পৰিৱৰ্তে তেওঁলোকে যীচুৱে উল্লেখ কৰা এই মনোবৃত্তিক দৰ্শায়, যʼত এইদৰে কৈছে: “আমি অনুপযোগী দাস, আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ, এই কথা কবা।”—লূক ১৭:১০.

১৬ অগ্ৰগামী সেৱাত ভাগ লʼবলৈ হʼলে আত্মনিয়ন্ত্ৰণ, সুশৃঙ্খলাবদ্ধ আৰু আত্মত্যাগ ভাৱনা প্ৰকাশ কৰা উচিত। ইয়াৰ দ্বাৰা পোৱা আশীৰ্ব্বাদসমূহ অতুলনীয়। তামিকা নামৰ এগৰাকী কিশোৰী ভনীয়ে এইদৰে কয়: “সত্যৰ বাক্য সঠিকৰূপে বিভাগ কৰাত নিপুণ হোৱাটো বাস্তৱতে এক অত্যুত্তম আশীৰ্ব্বাদ। কিয়নো আপুনি অগ্ৰগামী সেৱা কৰাৰ বাবে বাৰে বাৰে বাইবেলখন ব্যৱহাৰ কৰিবলৈ সুযোগ পায়। মই যেতিয়া ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ যাওঁ তেতিয়া কেনে শাস্ত্ৰীয় পদবোৰ গৃহস্থজনৰ বাবে উপযুক্ত হʼব তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ।” (২ তীমথিয় ২:১৫) মীকে নামৰ আন এগৰাকী ভনীয়ে এইদৰে কয়: “সত্যই লোকসকলৰ জীৱনধাৰাত সাল-সলনি কৰা দেখিবলৈ পোৱাটো এক আপুৰুগীয়া আশীৰ্ব্বাদ।” মথি নামৰ এজন ডেকা ভায়ে একেই দৰে কয় যে, “কোনোবাই সত্যতাক গ্ৰহণ কৰা দেখি যি আনন্দ পোৱা যায়, তাৰ তুলনা আন কাৰো সৈতে কৰিব নোৱাৰি।”

১৭. এগৰাকী কিশোৰী খ্ৰীষ্টান ভনীয়ে কেনেকৈ অগ্ৰগামী সেৱাৰ সম্বন্ধে থকা নেতিবাচক ভাৱধাৰাত জয়ী হʼবলৈ সক্ষম হৈছিল?

১৭ আপুনি অগ্ৰগামী সেৱাত ভাগ লবলৈ বিবেচনা কৰিছেনে? আপুনি যদিও কৰিবলৈ ইচ্ছা কৰিছে তথাপিও নিজকে অযোগ্য বুলি ভবি তেনে কাৰ্য্যত ভাগ লবলৈ সংকোচবোধ কৰিছে। কেনিয়েট নামৰ এগৰাকী কিশোৰী ভনীয়ে এইদৰে কৈছে যে, “আৰম্ভণীতে অগ্ৰগামী সেৱাৰ প্ৰতি মোৰ নেতিবাচক দৃষ্টিকোণ আছিল। মই নিজকে অসমৰ্থ বুলি ভাবিছিলোঁ। কথোপকথন আৰম্ভ কৰিবলৈ কেনেকৈ প্ৰস্তুতি বা যুক্তি দাঙি ধৰি কিদৰে শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰিব পাৰি, তাকো নাজানিছিলোঁ।” কিন্তু প্ৰাচীনসকলে যেতিয়া তাইৰ সৈতে কাৰ্য্য কৰিবলৈ এগৰাকী পৰিপক্ক ভনীক নিযুক্ত কৰিলে তেতিয়া তাই কেনেদৰে অনুভৱ কৰিছিল, তাৰ বিষয়ে তাই এইদৰে কয়: “ভনীগৰাকীৰ সৈতে প্ৰচাৰ কাৰ্য্য কৰি মই আনন্দজনক অভিজ্ঞতা লাভ কৰিলোঁ, যিয়ে মোক অগ্ৰগামী সেৱা কৰিবলৈ প্ৰেৰিত কৰিলে।” ঠিক সেইদৰে আপোনাক হয়তো অগ্ৰগামী সেৱা কৰিবলৈ কিছু পৰিমাণে প্ৰশিক্ষণ আৰু উৎসাহৰ আৱশ্যক।

১৮. মিছনাৰী সেৱাত ভাগ লোৱা এগৰাকী ভনীয়ে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিলে?

১৮ অগ্ৰগামী সেৱাই অন্য বিশেষাধিকাৰৰ বাবে দুৱাৰ মুকলি কৰিব পাৰে। যেনে, কিছুমান বিবাহিত দম্পতীয়ে হয়তো মিছনাৰী কাৰ্য্যৰ বাবে যোগ্য হʼব পাৰে। মিছনাৰী সকলে এক নতুন দেশলৈ গৈ নতুন ভাষা, সংস্কৃতি আৰু ভিন্ন খাদ্য খাবলৈ শিকিবলগীয়া হয়।। কিন্তু লাভ কৰা আশীৰ্ব্বাদসমূহৰ তুলনাত তেনে প্ৰত্যাহ্বানবোৰ নিচেই নগণ্য। মেক্সিকোত থকা মিলড্ৰেড নামৰ এগৰাকী ভিয়েটনামী মিছনাৰী ভনীয়ে এইদৰে কয়: “মই মিছনাৰী হʼবলৈ লোৱা সিদ্ধান্তৰ প্ৰতি কেতিয়াও অনুতাপ কৰা নাই। সৰুকালৰে পৰা মোৰ মিছনাৰী হোৱাৰ ইচ্ছা আছিল।” তাই কেনে ধৰণৰ আশীৰ্ব্বাদসমূহ লাভ কৰিছে? এই বিষয়ে তাই আগলৈ এইদৰে কয়: “ঘৰত থকা সময়ছোৱাত মই অনেক প্ৰচেষ্টা কৰিও বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু ইয়াত মোৰ চাৰিজন বাইবেল বিদ্যাৰ্থীয়ে এটা সময়ত আধ্যাত্মিক উন্নতি কৰি একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো দেখিবলৈ পালোঁ!”

১৯, ২০. বহুতৰ বাবে বেথেলগৃহ, অতঃৰাষ্ট্ৰীয় নিৰ্ম্মাণ সেৱা আৰু মিনিছ্‌ট্ৰিয়েল ট্ৰেইনিং স্কুলে কেনে আশীৰ্ব্বাদসমূহ কঢ়িয়াই আনিছে?

১৯ যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়বোৰত সেৱা কৰিও অনেক আশীৰ্ব্বাদ পোৱা যায়। জাৰ্মানীৰ বেথলগৃহত কাৰ্য্য কৰা চুৱেন নামৰ ডেকা ভাইজনে এইদৰে কৈছে: “মই ভাবো যে ইয়াত যি কাৰ্য্য কৰিছোঁ তাৰ মূল্য অস্থায়ী নহয়। বাহিৰৰ জগতখনত মই মোৰ নিজৰ দক্ষতাক ব্যৱহাৰ কৰি যথেষ্ট আৰ্জন কৰিব পাৰিলোঁহেঁতেন। কিন্তু তেনে কৰি হয়তো অতি শীঘ্ৰেই দেউলীয়া বেঙ্কত ধন জমা কৰাৰ দৰে অনুভৱ কৰিলোঁহেঁতেন!” এইটো সঁচা যে স্বেচ্ছাসেৱক হিচাবে সেৱা কৰাত যথেষ্ট ত্যাগ কৰাটো সন্মিলিত আছে। আগলৈ তেওঁ এইদৰে কয়: “দিনটোৰ শেষত মই কৰা সকলো কাৰ্য্য যে যিহোৱাৰ গ্ৰহণযোগ্য, তাকে ভাবি এক আন্তৰিক সন্তুষ্টি লাভ কৰোঁ।”

২০ কিছুমান ভাই-ভনীয়ে অন্তঃৰাষ্ট্ৰীয় নিৰ্ম্মাণ সেৱা অৰ্থাৎ বিভিন্ন দেশত শাখা কাৰ্য্যালয় নিৰ্ম্মাণ কৰা কামত ভাগ লৈ আনন্দিত হৈছে। আঠখন দেশৰ নিৰ্ম্মাণ কাৰ্য্যত ভাগ লোৱা এহাল দম্পতীয়ে এইদৰে কৈছে: “ইয়াত লগ পোৱা ভাই-ভনীসকল সঁচাকৈ অত্যুত্তম। তেওঁলোকৰ পৰা বিদায় লোৱাটো এক মৰ্মস্পশী বিষয় হʼব আৰু ইতিমধ্যেই আন আন দেশবোৰত থকা ভাই-ভনীবোৰৰ পৰা বিদায় লৈ নতুন ঠাইলৈ যোৱাৰ সময়ত আঠবাৰকৈ তেনে ‘হৃদয়বিদাৰক’ অনুভৱ কৰিলোঁ। তেওঁলোকৰ সৈতে সঙ্গতি কৰিবলৈ পোৱাটো কিযে এক অভাৱনীয় অভিজ্ঞতা আছিল!” অন্য এটা সুযোগ হৈছে মিনিছ্‌ট্ৰিয়েল ট্ৰেইনিং স্কুল। যʼত অবিবাহিত ভাইসকলক ঈশ্বৰৰ বাক্যত নিপুণ হʼবলৈ প্ৰশিক্ষণ দিয়া হয়। তাৰ দ্বাৰা প্ৰশিক্ষিত হোৱা এজন ভায়ে এইদৰে কৈছিল: “এনে উৎকৃষ্ট স্কুলৰ বাবে যিহোৱাক ধন্যবাদ জনাবলৈ মোৰ ওচৰত কোনো ভাষা নাই। আন কোনো প্ৰতিষ্ঠানে এনে ধৰণৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিব পাৰেনে?”

২১. ঈশ্বৰক মহিমা কৰাৰ সম্বন্ধে প্ৰকৃত খ্ৰীষ্টানৰ প্ৰত্যেকজন ব্যক্তিয়ে কেনে ধৰণৰ প্ৰত্যাহ্বাজনক পৰিস্থিতিৰ সম্মুখীন হয়?

২১ বাস্তৱতে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ বহুতো সুযোগ মুকলি হৈ আছে। এইটো সঁচা যে আমি সকলোৱে বেথেলগৃহ বা মিছনাৰী হিচাবে সেৱা কৰিব নোৱাৰোঁ। আনকি যীচুৱেও জানিছিল যে প্ৰত্যেকজন খ্ৰীষ্টানে নিজৰ পৰিস্থিতিৰ অনুসৰি “ফল” উৎপন্ন কৰিবলৈ সক্ষম হʼব। (মথি ১৩:২৩) গতিকে আমি প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে পৰিস্থিতিৰ অনুসৰি অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰাটো এক প্ৰত্যাহ্বানজনক বিষয়। তথাপিও যদি আমি যিহোৱাৰ মহিমা কৰিবলৈ অধিক সময় অতিবাহিত কৰোঁ, তেন্তে আশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ এনে কাৰ্য্যৰ দ্বাৰা আনন্দিত হয়। নাৰ্চিং হোমত থকা এথেল নামৰ বৃদ্ধ ভনীগৰাকীৰ বিষয়ে বিবেচনা কৰক। তাই নিয়মিতৰূপে তাইৰ সৈতে থকা সঙ্গী নিবাসীসকলক সাক্ষী দিয়ে আৰু টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত ভাগ লয়। সীমিত অৱস্থাৰ স্বত্ত্বেও তাই সম্পূৰ্ণ মন আৰু চিত্তৰে যিহোৱাৰ সেৱা কৰিছে।—মথি ২২:৩৭.

২২. (ক) আমি অতিৰিক্তভাৱে কেনে ধৰণে ঈশ্বৰৰ মহিমা কৰিব পাৰোঁ? (খ) আমি কেনে এক অত্যুত্তম সময়ৰ বাবে অপেক্ষা কৰি আছোঁ?

২২ মনত ৰাখক যে একমাত্ৰ প্ৰচাৰ কাৰ্য্যৰ দ্বাৰাহে আমি যিহোৱাৰ মহিমা কৰিব পাৰোঁ, এনে নহয়। আমি কৰ্ম্মস্থল, স্কুল আৰু ঘৰত থকা সময়তো নিজৰ আচাৰ-ব্যৱহাৰ আৰু ৰূপ-সজ্জাৰ দ্বাৰা তেওঁৰ মহিমা কৰিব পাৰোঁ। (হিতোপদেশ ২৭:১১) এই সম্পৰ্কে হিতোপদেশ ২৮:২০ পদত এইদৰে কৈছে: “বিশ্বাসী লোকে অনেক অশীৰ্ব্বাদ পায়।” গতিকে আমি যদি যিহোৱাৰ সেৱাত ‘অধিককৈ বওঁ’ তেন্তে অধিককৈ দাব পাৰিম বুলি মনত ৰাখা উচিত। (২ কৰিন্থীয়া ৯:৬) তেনে কৰাৰ দ্বাৰা আমি এনে এক সময়ত জীয়াই থাকিবলৈ আশীৰ্ব্বাদ পাম যʼত “নিশ্বাস থকা সকলোৱেই” যিহোৱাৰ মহিমা কৰিব।—গীত ১৫০:৬. (w04 6/1)

[ফুটনোট]

^ যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• ঈশ্বৰৰ লোকসকলে কেনেকৈ “দিনে-ৰাতিয়ে” যিহোৱাৰ সেৱা কৰিছে?

• গাদ নামৰ ইস্ৰায়েলী জাতিয়ে কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছিল আৰু ইয়াৰ পৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে?

• চয়তানে কৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰচাৰ কাৰ্য্যই কেনেকৈ সহায় কৰে?

• কিছুমানে কেনে ‘দুৱাৰ মুকলি হোৱা’ সুযোগত ভাগ লৈছে আৰু তেওঁলোকে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবিসমূহ]

অগ্ৰগামী সেৱাই বহুতো সুযোগৰ বাবে দুৱাৰ মুকলি কৰিব পাৰে আৰু ইয়াৰ সৈতে সন্মিলিত আছে:

১. অতঃৰাষ্ট্ৰীয় নিৰ্ম্মাণ সেৱা

২. বেথেল সেৱা

৩. মিছনাৰী সেৱা