মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰক
মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰক
“যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক।”—মথি ২০:২৭.
১. মহানতাৰ প্ৰতি জগতৰ দৃষ্টিভঙ্গী কি?
ইজিপ্তৰ ৰাজধানী কাইৰোৰ পৰা ৫০০ কিলোমিটাৰ [৩০০ মাইল] নিলগত দক্ষিণে অৱস্থিত থেবীচ্ (বৰ্তমান সময়ত কানাক্ নামেৰে জনা যায়), চহৰৰ মাজত ৬০ ফুট [১৮ মিটাৰ] ওখ ফৰৌণ ৰজা তৃতীয় এমেনহথেপ্ৰ বিশাল মূৰ্ত্তিটো আজিও দেখিবলৈ পোৱা যায়। এই স্তম্ভটোৰ কাষত থিয় হোৱা যি কোনো ব্যক্তিয়ে নিশ্চয়ে নিজকে অৱশ্যেই অতি ক্ষুদ্ৰ বুলি গণ্য কৰিব। নিঃসন্দেহ, সেই ৰজাজনৰ প্ৰতীকৰূপে থকা এই স্তম্ভটোক বিশ্বৰ সকলোতকৈ শক্তিশালী আৰু মহানতাৰ এক অত্যুত্তম আৰ্হি হিচাবে দৃষ্টি কৰা হয়।
২. যীচুৱে তেওঁৰ শিষ্যবিলাকৰ বাবে কেনে আৰ্হি প্ৰস্তুত কৰিলে আৰু আমি নিজকে কেনে প্ৰশ্নবোৰ সোধা আৱশ্যক?
২ মহানতাৰ প্ৰতি শিকোৱা যীচুৰ শিক্ষা আৰু জগতৰ দৃষ্টিভঙ্গীৰ মাজত এক বৃহৎ পাৰ্থক্য দেখিবলৈ পোৱা যায়। যদিও যীচুক এজন “প্ৰভু আৰু গুৰু” হিচাবে জনা গৈছিল, তথাপিও তেওঁ নিজৰ শিষ্যবিলাকক আনক সেৱা কৰাৰ দ্বাৰাহে মহান হʼব পাৰে বুলি শিকাইছিল। মৃত্যু হোৱাৰ আগদিনাখন তেওঁ শিষ্যবিলাকৰ ভৰি ধোৱাই মহানতাৰ সম্বন্ধে এক উত্তম শিক্ষা প্ৰদান কৰিলে। ই কিযে এক নম্ৰতাৰ কাৰ্য্য আছিল! (যোহন ১৩:৪, ৫, ১৪) আপুনি আনক সেৱা-শুশ্ৰূষা কৰিবলৈ নে আপোনাক আনে সেৱা-শুশ্ৰূষা কৰাটো বিচাৰে? যীচুৰ আৰ্হিয়ে আপোনাক তেওঁৰ দৰে নম্ৰ হʼবলৈ প্ৰেৰিত কৰেনে? এতেকে আঁহক আমি মহানতাৰ সম্বন্ধে যীচুৱে ৰাখা মনোবৃত্তি আৰু তাৰ বিপৰীতে থকা জগতৰ মনোবৃত্তিৰ সম্পৰ্কে বিবেচনা কৰোঁহঁক।
মহানতাৰ সম্বন্ধে থকা জগতৰ মনোবৃত্তিৰ পৰা আঁতৰি থাকক
৩. বাইবেলৰ কেনে উদাহৰণসমূহে দেখুৱাইছে যে মানুহৰ মহিমা পাবলৈ হাবিয়াস কৰা ব্যক্তিসকললৈ কি ঘটিছিল?
৩ মহানতাৰ সম্বন্ধে জগতৰ মনোবৃত্তিক অনুকৰণ কৰি ধ্বংসলৈ পৰিচালিত হোৱা এনে বহুতো উদাহৰণ বাইবেলত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, হামনৰ বিষয়ে বিবেচনা কৰক। যিজনে ইষ্টেৰ আৰু মদৰ্খয়ৰ সময়ত পাৰচ্য ৰাজদৰবাৰত এজন উচ্চ অধিকাৰী হিচাবে কাৰ্য্য কৰিছিল। কিন্তু অৱশেষত মানুহৰ মহিমা লাভ কৰিবলৈ হাবিয়াস কৰি হামনে অপমানজনকভাৱে মৃত্যু বৰণ কৰিবলগীয়া হৈছিল। (ইষ্টেৰ ৩:৫; ৬:১০-১২; ৭:৯, ১০) অহঙ্কাৰী ৰজা নবূখদ্নেচৰৰ সৈতে কি ঘটিছিল? ক্ষমতাত থকাৰ সময়ত ঈশ্বৰে তেওঁক বলিয়া কৰিলে। মহানতাৰ সম্বন্ধে তেওঁ কেনে দৃষ্টিভঙ্গী ৰাখিছিল, তাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “মই মোৰ বলৰ প্ৰভাৱত, আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহাবাবিল নহয়?” (দানিয়েল ৪:৩০) ঈশ্বৰক মহিমা কৰাৰ পৰিৱৰ্তে নিজৰ মহিমা বিচৰা হেৰোদ অগ্ৰিপ্পৰ বিষয়ে বিবেচনা কৰক। তেওঁৰ শৰীৰ “পোকে খোৱাত, তেওঁ প্ৰাণত্যাগ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১২:২১-২৩) এই সকলোবোৰ ব্যক্তিয়ে যিহোৱাক মহিমা কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে লজ্জাজনকভাৱে ধ্বংসলৈ পৰিচালিত হৈছিল।
৪. এই জগতৰ অহঙ্কাৰমূলক মনোবৃত্তিৰ নেপথ্যভূমিত বাস্তৱতে কোন জড়িত আছে?
৪ আমি এনে ধৰণৰ জীৱন-যাপন কৰা উচিত যি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য। ইয়াৰ বিপৰীতে, চয়তানে তাৰ অহঙ্কাৰমূলক মনোবৃত্তিক গ্ৰহণ কৰাবলৈ ব্যাপকভাৱে প্ৰচেষ্টা কৰিছে। (মথি ৪:৮, ৯) কিন্তু সদায়ে মনত ৰাখক যে সি হৈছে “এই যুগৰ দেৱতা” আৰু নিজৰ মনোবৃত্তিক বিস্তাৰ কৰিবলৈ উঠি-পৰি লাগিছে। (২ কৰিন্থীয়া ৪:৪; ইফিচীয়া ২:২; প্ৰকাশিত বাক্য ১২:৯) যিহেতু চয়তানৰ এনে বিচাৰধাৰাৰ বিষয়ে ভালদৰে জনাৰ বাবে প্ৰকৃত খ্ৰীষ্টানসকলে ইয়াৰ পৰা আঁতৰি থাকে।
৫. সুনাম, প্ৰশংসা আৰু ধন-সম্পত্তিয়ে স্থায়ী সন্তুষ্টিৰ নিশ্চয়তা প্ৰদান কৰিব পাৰেনে? বৰ্ণনা কৰক।
৫ চয়তানে বিকশিত কৰা এটা ফান্দ হৈছে, সি এজন ব্যক্তিক প্ৰলোভিত কৰে যে জগতত সুনাম, প্ৰশংসা আৰু ধন-সম্পত্তি অৰ্জন কৰি আপোনা-আপুনিকৈ এক সন্তুষপ্ৰদ জীৱন-যাপন কৰিব পাৰে। বাস্তৱতে এইটো সঁচানে? সুনাম, প্ৰশংসা আৰু ধন-সম্পত্তিয়ে এক সন্তুষপ্ৰদ জীৱনৰ নিশ্চয়তা দিব পাৰেনে? এই বিষয়ে বাইবেলে আমাক সতৰ্কতাৰে বিবেচনা কৰিবলৈ কৈছে। কিয়নো বুদ্ধিমান ৰজা চলোমনে এইদৰে লিখিছিল: “পাছে মই সকলো পৰিশ্ৰম আৰু নিপুণতাৰে কৰা প্ৰত্যেক কাৰ্য্য চাই বুজিলোঁ, যে, ইয়াৰ কাৰণে মানুহ ওচৰ-চুবৰীয়াৰ পৰা ঈৰ্ষ্যাপ্ৰাপ্ত হয়; ইও অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।” (উপদেশক ৪:৪) যিসকল ব্যক্তিয়ে জগতত সুনাম অৰ্জন কৰাৰ আশাৰে নিজৰ জীৱন অৰ্পণ কৰিলে, তেওঁলোকে বাইবেলৰ এই সত্যতাৰ বিষয়ে স্বীকাৰ কৰিছে। এই সম্বন্ধে এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক যিজনে চন্দ্ৰলৈ যোৱা মহাকাশ যান নিৰ্ম্মাণ আৰু পৰীক্ষণ কাৰ্য্য-প্ৰণালীত সহায় আগবঢ়াইছিল। এই কাৰ্য্যত সফলতা পোৱাৰ পিছত তেওঁ এইদৰে কৈছিল: “এই কাৰ্য্যত সফলতা পাবলৈ মই যি পৰিশ্ৰম আৰু পাৰ্গতালি দেখুৱালোঁ তাৰ বাবে মই অতি বিখ্যাত হৈ পৰিলোঁ। কিন্তু এনে সুনামে মোৰ জীৱনত স্থায়ী শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিলে।” * মহানতাৰ সম্বন্ধে থকা জাগতিক মনোবৃত্তিয়ে যিকোনো ক্ষেত্ৰত, যেনে, ব্যৱসায়, খেল-ধেমালি বা মনোৰঞ্জনত কেতিয়াও স্থায়ী সন্তুষ্টি প্ৰদান নোৱাৰে।
প্ৰেমেৰে কৰা পৰিচৰ্য্যা কাৰ্য্যই মহানতা কঢ়িয়াই আনে
৬. মহানতাৰ সম্বন্ধে যাকোব আৰু যোহনে ভুল ধাৰণা বিকশিত কৰিছিল বুলি কিহে দেখুৱাইছে?
৬ দৰাচলতে মহানতাৰ সৈতে কি সন্মিলিত আছে, ইয়াক আমি যীচুৰ জীৱনত ঘটা এটা ঘটনাৰ দ্বাৰা জানিব পাৰোঁ। সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত যীচু আৰু তেওঁৰ শিষ্যসকলে যিৰূচালেমৰ অভিমুখে যাত্ৰা কৰিছিল। বাটেদি গৈ থাকোঁতে শিষ্যসকলৰ মাজত যীচুৰ আত্মীয় লোক যাকোব আৰু যোহন নামৰ দুজন শিষ্যই মহানতাৰ সম্বন্ধে এক অনুচিত মনোবৃত্তি বিকশিত কৰিছিল। তেওঁলোকে নিজৰ মাকৰ দ্বাৰা যীচুক এইদৰে অনুৰোধ কৰিছিল: ‘আমি যাতে আপোনাৰ ৰাজ্যত সোঁহাতে আৰু বাওঁহাতে বহিবলৈ পাওঁ, এনে আজ্ঞা দিয়ক।’ (মথি ২০:২১) যিহেতু ইহুদী সমাজত সোঁহাতে বা বাওঁহাতে বহিবলৈ পোৱাটো এক মহান বিশেষাধিকাৰ হিচাবে গণ্য কৰা হৈছিল। (১ ৰাজাৱলি ২:১৯) যাৰ বাবে তেওঁলোকে উচ্চাকাংক্ষী হৈ তেনে ধৰণৰ অধিকাৰৰ পদ পাবলৈ নিবেদন কৰিছিল। যাকোব আৰু যোহনৰ মনৰ অৱস্থাক বুজিব পাৰি যীচুৱে তেওঁলোকক শুধৰাবলৈ সুযোগ লʼলে।
৭. প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে মহানতা কি তাক বুজাবলৈ যীচুৱে কেনেকৈ বৰ্ণনা কৰিছিল?
৭ যীচুৱে জানিছিল যে এই জগতত সেইজন ব্যক্তিক মহান বুলি কোৱা হয় যিজনৰ ওচৰত আদেশ দিয়া আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে আৰু তেওঁৰ আজ্ঞা মানিবলৈ সকলোৱে তৎপৰ থাকে। কিন্তু যীচুৰ শিষ্যবিলাকৰ মাজত যিজনে আনৰ সেৱা কৰাত তৎপৰ আছিল, তেওঁকহে মহান বুলি মনা হৈছিল। সেইবাবে যীচুৱে এইদৰে কৈছিল: “যি কোনোৱে তোমালোকৰ মাজত মহান হʼবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক।”—মথি ২০:২৬, ২৭.
৮. পৰিচাৰক হোৱা মানে কি আৰু আমি নিজকে কেনে প্ৰশ্নবোৰ সুধিব পাৰোঁ?
৮ বাইবেলত উল্লেখ কৰা “পৰিচাৰক” শব্দটো গ্ৰীক ভাষাৰ পৰা অনুবাদ কৰা হৈছে, যি এজন ব্যক্তিয়ে নিৰন্তৰে আৰু পৰিশ্ৰমী হৈ আনৰ বাবে কৰা কাৰ্য্যক বুজায়। যীচুৱে তেওঁৰ শিষ্যবিলাকক এক জৰুৰী শিক্ষা প্ৰদান কৰিছিল আৰু সেইয়া আছিল: আনক কাম কৰিবলৈ দিয়া আজ্ঞাই এজন ব্যক্তিক মহান নকৰে, কিন্তু প্ৰেমেৰে প্ৰেৰিত হৈ আনৰ বাবে কৰা কাৰ্য্যইহে মহান কৰে। এতিয়া নিজকে এইদৰে সোধক: ‘মই যাকোব আৰু যোহনৰ ঠাইত থকা হʼলে কেনে ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱালোঁহেঁতেন? প্ৰেমেৰে প্ৰেৰিত হৈ আনক সেৱা কৰাটো যে এক মহান কাৰ্য্য, সেই বিষয়ে মই বুজি পাইছোঁনে?’—১ কৰিন্থীয়া ১৩:৩.
৯. যীচুৱে আনৰ সৈতে কৰা আচাৰ-ব্যৱহাৰ সম্পৰ্কে কেনে আৰ্হি প্ৰস্তুত কৰিলে?
৯ যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে মহানতাৰ সম্বন্ধে এই জগত আৰু তেওঁৰ মনোবৃত্তিৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। তেওঁ কেতিয়াও নিজকে মহান বা আনক নিম্ন বুলি ভবা নাছিল। তেওঁৰ ওচৰত সকলো ধৰণৰ ব্যক্তি, যেনে, পুৰুষ, স্ত্ৰী, লʼৰা-ছোৱালী, ধনী, দৰিদ্ৰ, শক্তিমন্ত আৰু আনকি অপৰাধীবিলাকেও আহিবলৈ সংকোচ কৰা নাছিল। (মাৰ্ক ১০:১৩-১৬; লূক ৭:৩৭-৫০) সাধাৰণতে লোকসকলে আনৰ দুৰ্ব্বলতা দেখি ধৈৰ্য্যহীন হৈ পৰে। কিন্তু যীচুৱে সদায়ে লোকসকলৰ সৈতে নম্ৰতাৰে আচৰণ কৰিছিল। আনকি শিষ্যবিলাকে অবিবেচক আৰু বাদ-বিবাদ কৰাৰ সময়তো তেওঁ নম্ৰতা আৰু ধৈৰ্য্যৰে শিকাইছিল।—জখৰিয়া ৯:৯; মথি ১১:২৯; লূক ২২:২৪-২৭.
১০. যীচুৰ জীৱনকালে কেনেকৈ দেখুৱালে যে তেওঁ আনৰ সেৱা কৰিবলৈ নিজকে অৰ্পণ কৰিছিল?
১০ প্ৰকৃত মহানতাৰ অৰ্থ কি সেই বিষয়ে ঈশ্বৰৰ এই মহান পুত্ৰজনে ৰাখা নিস্বাৰ্থপৰ আৰ্হিয়ে স্পষ্টকৈ দেখুৱাইছে। যীচুৱে এই পৃথিৱীত সেৱা-শুশ্ৰূষা পাবলৈ নহয় কিন্তু সেৱা-শুশ্ৰূষা কৰিবলৈহে আহিছিল আৰু ইয়াক তেওঁ “অনেক ৰোগীক” সুস্থ কৰি আৰু ভূতবোৰক খেদোৱাৰ দ্বাৰা প্ৰকাশ কৰিছিল। তেওঁ ক্লান্ত হোৱাৰ স্বত্ত্বেও লোকসকলৰ আৱশ্যকতাক পূৰ কৰিবলৈ সদায়ে প্ৰথম স্থান দিছিল। (মাৰ্ক ১:৩২-৩৪; ৬:৩০-৩৪; যোহন ১১:১১, ১৭, ৩৩) তেওঁ লোকসকলক আধ্যাত্মিকৰূপে সহায় কৰিবলৈ এশতকৈ অধিক মাইল ধূলিময় ৰাস্তাৰে যাত্ৰা কৰিছিল। এই সকলোবোৰ কাৰ্য্য কৰিবলৈ তেওঁক প্ৰেমে প্ৰেৰিত কৰিলে। (মাৰ্ক ১:৩৮, ৩৯) নিঃসন্দেহ, এইটো কʼব পৰা যায় যে লোকসকলক সেৱা কৰা বিষয়টো তেওঁৰ বাবে এক গভীৰ বিষয় আছিল।
যীচুৰ নম্ৰতা গুণটো অনুকৰণ কৰক
১১. মণ্ডলীত অধ্যক্ষ হিচাবে নিযুক্ত হোৱা ভাইসকলত কেনে ধৰণৰ গুণবোৰ হোৱা উচিত?
১১ ঈশ্বৰৰ লোকসকলৰ আধ্যাত্মিক আৱশ্যকতা পূৰ কৰাৰ ক্ষেত্ৰত খ্ৰীষ্টান অধ্যক্ষসকলে কেনে এক উচিত মনোবৃত্তি বজাই ৰাখা আৱশ্যক, সেই বিষয়ে ১৮০০ চনৰ শেষৰ ভাগত চাৰ্কিত ওভচিয়াৰসকলক বাছনি কৰাৰ সময়ত স্পষ্টকৈ উল্লেখ কৰা হৈছিল। ছেপ্টেম্বৰ ১, ১৮৯৪ চনৰ জাইন ওৱাচ টাৱাৰ আলোচনীখনত সেই মনোবৃত্তিৰ বিষয়ে এইদৰে কৈছিল: “কেৱল নম্ৰ মন ৰাখা ব্যক্তিসকল, যি আত্মগৌৰৱ নকৰে . . . , তেওঁলোকে নিজৰ নহয়, কিন্তু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ আৰু নিজৰ জ্ঞানৰ পৰিৱৰ্ত্তে ঈশ্বৰৰ কাৰ্য্যসাধক বাক্যক প্ৰয়োগ কৰে।” সেয়েহে প্ৰকৃত খ্ৰীষ্টানসকলে নিজৰ উচ্চাকাংক্ষা বা আনৰ ওপৰত ক্ষমতা চলোৱা উদ্দেশ্যৰে দায়িত্বভাৰ গ্ৰহণ কৰাটো উচিত নহয়। এজন নম্ৰ অধ্যক্ষই সদায়ে মনত ৰাখে যে তেওঁ বহন কৰা দায়িত্ববোৰে তেওঁৰ মহিমাৰ বাবে নহয় কিন্তু “উত্তম কৰ্ম্মলৈ” পৰিচালিত কৰে। (১ তীমথিয় ৩:১, ২) গতিকে সকলো প্ৰাচীন আৰু সহায়ক সেৱকে নম্ৰতাৰে আনৰ সেৱা-শুশ্ৰূষা আৰু প্ৰচাৰ কাৰ্য্যত উত্তম আৰ্হি প্ৰস্তুত কৰা উচিত, যাতে আনেও তেওঁলোকক অনুকৰণ কৰিব পাৰে।—১ কৰিন্থীয়া ৯:১৯; গালাতীয়া ৫:১৩; ২ তীমথিয় ৪:৫.
১২. যিসকলে মণ্ডলীৰ অধ্যক্ষ পদলৈ আকাংক্ষা কৰিছে তেওঁলোকে নিজকে কেনে প্ৰশ্নবোৰ সুধিব পাৰে?
১২ যদি কোনো এজন ভায়ে অধ্যক্ষ পদলৈ আকাংক্ষা কৰিছে তেন্তে তেওঁ নিজকে এইদৰে সুধিব পাৰে: ‘মই আনৰ সেৱা-শুশ্ৰূষা কৰিবলৈ সুযোগ বিচাৰি ফুৰোনে বা আনৰ পৰা সেৱা-শুশ্ৰূষা পাবলৈ অপেক্ষা কৰোঁ? মই এনে কাৰ্য্য কৰিবলৈ ইচ্ছুক নে যি সাধাৰণতে আনৰ চকুত নপৰে?’ উদাহৰণস্বৰূপে, এজন ডেকা ব্যক্তিয়ে হয়তো মণ্ডলীত ভাষণ দিবলৈ ইচ্ছুক হʼব পাৰে, কিন্তু বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিবলৈ সংকোচ কৰে। তেওঁ হয়তো দায়িত্বপ্ৰাপ্ত ভাইসকলৰ সৈতে সঙ্গতি কৰি আনন্দিত হʼব পাৰে কিন্তু প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ অজুহাত দেখুৱায়। তেন্তে তেওঁ নিজকে এইদৰে সোধাতো কাৰ্য্যকাৰী হʼব: ‘মই প্ৰধানকৈ সেৱাকাৰ্য্যৰ এনে বিষয়বোৰৰ ওপৰত ধ্যান দিওঁনে যি যিহোৱালৈ মহিমা আৰু প্ৰশংসা আনে? মই আনতকৈ মহান হোৱাটো বিচাৰোঁনে?’ নিঃসন্দেহ, নিজৰ মহিমা পাবলৈ আকাংক্ষা কৰাটো হৈছে যীচুৰ আৰ্হিৰ বিপৰীতে কাৰ্য্য কৰা।—যোহন ৫:৪১.
১৩. (ক) এজন অধ্যক্ষই দেখুৱা নম্ৰতা গুণে কেনেকৈ আনক প্ৰভাৱিত কৰে? (খ) এজন প্ৰকৃত খ্ৰীষ্টানৰ বাবে নম্ৰতা বা দীন মন ৰাখা গুণটো কিয় কোনো বৈকল্পিক গুণ নহয় বুলি কʼব পাৰি?
১৩ আমি যেতিয়া যীচুৰ আৰ্হিৰ অনুসাৰে চলিবলৈ সম্পূৰ্ণকৈ চেষ্টা কৰিম তেতিয়া আনক সেৱা-শুশ্ৰূষা কৰিবলৈ প্ৰেৰিত হʼম। এই সম্পৰ্কে যিহোৱাৰ সাক্ষীসকলৰ এটা শাখা কাৰ্য্যালয়ত সাক্ষ্যাৎ কৰিবলৈ অহা এজন জʼন ওভাৰচিয়াৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ অতি ব্যস্ত থকা স্বত্ত্বেও এজন ভায়ে কিতাপ বা আলোচনী ষ্টিচিং কৰা এটা মেচিনৰ চেটিং ঠিক কৰি থকা দেখিবলৈ পাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল। পিছলৈ ভাইজনে এইদৰে কৈছিল: “তেওঁ যে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিব, তাক মই বিশ্বাস কৰিব পৰা নাছিলোঁ। তেওঁ কৈছিল যে ডেকা থকা সময়ত তেৱোঁ এবাৰ এনে ধৰণৰ মেচিনত কাম কৰিছিল আৰু চেটিং ঠিক কৰাত সদায়ে অসুবিধা পাইছিল। যদিও তেওঁক আন জৰুৰী কামবোৰ কৰিবলগীয়া আছিল, তথাপিও তেওঁ মোৰ সৈতে কিছু সময়লৈকে কাম কৰিলে। তেওঁৰ তেনে কাৰ্য্যই মোক অতিশয় প্ৰভাৱিত কৰিলে।” এতিয়া ভাইজনে সেই শাখা কাৰ্য্যালত এজন অধ্যক্ষ হিচাবে কাৰ্য্য কৰিছে আৰু তেওঁ জʼন ওভাৰচিয়াৰ জনে নম্ৰতাৰে কৰা কাৰ্য্যৰ বিষয়ে আজিও পাহৰিব পৰা নাই। আঁহক আমি কেতিয়াও নিজকে যেন আনতকৈ মহান বুলি নাভাবোহঁক। তাৰ পৰিৱৰ্তে, আমি “নিজতকৈ আনক উত্তম বুলি” মানোহঁক। যিহেতু ই এক ‘নতুন ব্যক্তিত্বৰ’ অংশ হোৱাৰ বাবে এজন খ্ৰীষ্টানে কেতিয়াও ইয়াক বৈকল্পিক হিচাবে ভবা উচিত নহয়।—ফিলিপীয়া ২:৩; কলচীয়া ৩:১০, ১২; ৰোমীয়া ১২:১৬.
মহানতাৰ সম্বন্ধে কেনেকৈ যীচুৰ মনোবৃত্তিক অনুকৰণ কৰিব পাৰি
১৪. ঈশ্বৰ আৰু সঙ্গী বিশ্বাসীসকলৰ সৈতে থকা আমাৰ সম্বন্ধক ধ্যান কৰাৰ দ্বাৰা আমি কেনেকৈ মহানতাৰ সম্বন্ধে এক উচিত মনোবৃত্তি বিকশিত কৰিব পাৰোঁ?
১৪ মহানতাৰ সম্বন্ধে আমি কেনেকৈ উচিত মনোবৃত্তি বিকশিত কৰিব পাৰোঁ? ইয়াৰ এটা পদ্ধতি হৈছে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক ধ্যান কৰা। কিয়নো তেওঁৰ ঐশ্বৰ্য্য, শক্তি আৰু বুদ্ধিয়ে যিহোৱাক নগণ্য মানৱতকৈ অধিক মহান কৰিছে। (যিচয়া ৪০:২২) সঙ্গী বিশ্বাসীসকলৰ সৈতে থকা আমাৰ সম্বন্ধৰ ওপৰত ধ্যান কৰিও আমি নম্ৰতা গুণটো বিকশিত কৰিব পাৰোঁ। যেনে, কিছুমান ক্ষেত্ৰত আমাৰ সঙ্গী ভাই-ভনীসকলে আমাতকৈ নিপুণ বা তেওঁলোকত এনে কিছুমান গুণ থাকিব পাৰে যি আমাত নাই। দৰাচলতে যিসকলে ঈশ্বৰৰ আগত নিজকে নম্ৰ কৰে তেওঁলোকে কেতিয়াও আনতকৈ উত্তম হʼব নিবিচাৰে।—হিতোপদেশ ৩:৩৪; যাকোব ৪:৬.
১৫. যিহোৱাৰ লোকসকলে দেখুৱা আনুগত্যই কেনেকৈ দেখুৱাইছে যে আমাৰ ওচৰত মহান হোৱাৰ কোনো কাৰণ নাই?
১৫ বিশ্বাসৰ বাবে যিহোৱাৰ সাক্ষীসকলে পৰীক্ষাৰ সম্মুখীন হোৱাৰ অভিজ্ঞতাসমূহে স্পষ্টকৈ এই গুণটোৰ বিষয়ে দাঙি ধৰিছে। সদায়ে এই জগতে সাধাৰণ বুলি দৃষ্টি কৰা ব্যক্তিসকলে কঠিন পৰীক্ষাৰ সময়তো ঈশ্বৰৰ প্ৰতি আনুগত্য বজাই ৰাখিছে। তেওঁলোকে প্ৰস্তুত কৰা আৰ্হিক ধ্যান কৰাৰ দ্বাৰা আমি নিজকে নম্ৰ আৰু ‘বৰ বুলি বিবেচনা নকৰিবলৈ’ শিকিব পাৰোঁ।—ৰোমীয়া ১২:৩. *
১৬. মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তিক কেনেকৈ মণ্ডলীৰ সকলো সদস্যই বিকশিত কৰিব পাৰে?
১৬ ডেকা বা বৃদ্ধই নহওঁক কিয়, সকলো খ্ৰীষ্টানে মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰা উচিত। তেওঁলোকে হয়তো মণ্ডলীত বিভিন্ন প্ৰকাৰৰ কাৰ্য্য কৰিব পাৰে। গতিকে আপোনালোকে কেতিয়াও এনে কাৰ্য্য কৰিবলৈ কোৱাত বিৰক্ত অনুভৱ নকৰিব, যি দেখাত হয়তো সামান্য হʼব পাৰে। (১ চমূৱেল ২৫:৪১; ২ ৰাজাৱলি ৩:১১) পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীবিলাকক তেওঁলোকে ৰাজ্যগৃহ, সন্মিলন বা অধিৱেশনত পোৱা যিকোনো নিযুক্তিক আনন্দেৰে সম্পন্ন কৰিবলৈ উৎসাহিত কৰেনে? আপোনালোকে কৰা কোনো সাধাৰণ কাৰ্য্যক তেওঁলোকে লক্ষ্য কৰিছেনে? বৰ্তমান যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়ত সেৱা কৰা এজন ভায়ে তেওঁৰ পিতৃ-মাতৃয়ে ৰাখা আৰ্হিৰ বিষয়ে এইদৰে কয়: “তেওঁলোকে ৰাজ্যগৃহ বা অধিৱেশন হোৱা ঠাইখনক পৰিষ্কাৰ কৰিবলৈ পোৱাটো এক গুৰুত্বপূৰ্ণ নিযুক্তিভাৰ বুলি মোক কৈছিল। তেওঁলোকে সদায়ে মণ্ডলী আৰু ভাই-ভনীসকলৰ হিতৰ বাবে যিকোনো কাম স্বইচ্ছাৰে কৰিবলৈ প্ৰস্তুত আছিল। এনে ধৰণৰ মনোবৃত্তিয়ে এতিয়া মোক বেথেলগৃহত যিকোনা কাম স্বইচ্ছাৰে কৰিবলৈ সহায় কৰে।”
১৭. কেনে কাৰ্য্যৰ দ্বাৰা নম্ৰ ভনীসকল মণ্ডলীৰ বাবে আশীৰ্ব্বাদৰ কাৰণ হʼব পাৰে?
১৭ নিজৰ পৰিৱৰ্তে আনৰ হিতক জীৱনত প্ৰথম স্থান দিয়াৰ ক্ষেত্ৰত ইষ্টেৰ ৰাণীয়ে এক অত্যুত্তম উদাহৰণ ৰাখিলে। ইষ্টেৰ ৰাণীয়ে ৰাজগৃহত বাস কৰাৰ স্বত্ত্বেও ঈশ্বৰৰ উদ্দেশ্যৰ সামঞ্জস্যত তেওঁৰ উপাসকসকলৰ হিতৰ বাবে নিজৰ জীৱনক বিপদপন্ন কৰিবলৈও ভয় কৰা নাছিল। (ইষ্টেৰ ১:৫, ৬; ৪:১৪-১৬) ঠিক সেইদৰে বৰ্তমান সময়ৰ খ্ৰীষ্টান স্ত্ৰীসকলৰ আৰ্থিক অৱস্থা যিয়েই নহওঁক কিয় নিজ নিজ পৰিস্থিতিৰ অনুসৰি নিৰুৎসাহীসকলক দৃঢ়, ৰোগীসকলক সাক্ষ্যাৎ, প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আৰু প্ৰাচীনসকলৰ অধীনত থাকি তেনে মনোবৃত্তি দেখুৱাব পাৰে। মণ্ডলীত এনে নম্ৰ ভনীসকল থকাটো কিমান যে আশীৰ্ব্বাদৰ বিষয়!
যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰি পোৱা আশীৰ্ব্বাদসমূহ
১৮. মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বজাই ৰাখি কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি?
১৮ আপুনি মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বজাই ৰাখি বহুতো আশীৰ্ব্বাদ পাব পাৰে। নিস্বাৰ্থৰে কৰা আপোনাৰ সেৱাই ব্যক্তিগত আৰু আনৰ বাবে আনন্দ কঢ়িয়াই আনে। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) আপুনি নিস্বাৰ্থৰে ভাই-ভনীসকলৰ সেৱা কৰি তেওঁলোকৰ প্ৰিয় হৈ পৰিব। (পাঁচনিৰ কৰ্ম্ম ২০:৩৭) সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে আপুনি ভাই-ভনীসকলৰ হিতৰ বাবে যি কাৰ্য্য কৰে, তাক যিহোৱাই লক্ষ্য কৰিব।—ফিলিপীয়া ২:১৭.
১৯. মহানতাৰ সম্বন্ধে থকা যীচুৰ দৰে মনোবৃত্তিৰ প্ৰতি কেনে দৃঢ় সঙ্কল্প লোৱা উচিত?
১৯ আমি সকলোৱে নিজ নিজ হৃদয় পৰীক্ষা কৰি এইদৰে সোধা আৱশ্যক: ‘মহানতৰ সম্বন্ধে থকা খ্ৰীষ্টৰ মনোবৃত্তিক বিকশিত কৰাৰ বিষয়ে কেৱল আনৰ সৈতে কথা-বতৰা হওঁনে বা সেই অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰচেষ্টা কৰোঁনে?’ অহঙ্কাৰী মন ৰাখা সকলৰ প্ৰতি যিহোৱাৰ দৃষ্টিকোণ কি সেই বিষয়ে স্পষ্টকৈ কোৱা হৈছে। (হিতোপদেশ ১৬:৫; ১ পিতৰ ৫:৫) এতেকে আঁহক আমি নিজ নিজ কাৰ্য্যৰ দ্বাৰা দেখুৱাওঁহঁক যে মণ্ডলী, পৰিয়াল বা ভাই-ভনীসকলৰ সৈতে হোৱা দৈনন্দিন সম্বন্ধত যীচুৰ দৰে মনোবৃত্তি দেখুৱাই আনন্দিত হৈ যিহোৱাৰ প্ৰশংসাৰ অৰ্থে সকলো কাৰ্য্য কৰোঁহঁক।—১ কৰিন্থীয়া ১০:৩১. (w04 8/1)
[ফুটনোটবোৰ]
^ মে’ ১, ১৯৮২, প্ৰহৰীবৰুজ ৩-৬ পৃষ্ঠাত উল্লেখ কৰা “সফলতাৰ সম্বন্ধে চলোৱা অভিযান” নামৰ লেখটো চাওক।
^ এই বিষয়ে জানিবলৈ হʼলে ১৯৯২ চনৰ যহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তক, ১৮১-২ পৃষ্ঠা আৰু ছেপ্টেম্বৰ ১, ১৯৯৩ চনৰ প্ৰহৰীবুৰুজ, ২৭-৩১ পৃষ্ঠাত চাওক।
আপুনি উত্তৰ দিব পাৰিবনে?
• মহানতাৰ সম্বন্ধে থকা জগতৰ মনোবৃত্তিক আমি কিয় ত্যাগ কৰা উচিত?
• মহানতাক যীচুৱে কিদৰে নিৰ্দ্ধাৰণ কৰিছিল?
• অধ্যক্ষসকলে কেনেকৈ যীচুৰ নম্ৰতা গুণটোক অনুকৰণ কৰিব পাৰে?
• যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰিবলৈ কিহে আমাক সহায় কৰিব পাৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৭ পৃষ্ঠাৰ বক্স]
মহানতাৰ সম্বন্ধে যীচুৰ দৰে কোনে মনোবৃত্তি ৰাখিছে?
সেৱা-শুশ্ৰূষা পাবলৈ বা সেৱা-শুশ্ৰূষা কৰিবলৈ বিচৰা ব্যক্তিজনে তেনে মনোবৃত্তি ৰাখিছে?
খ্যাতি হʼবলৈ বা নম্ৰতাৰে সকলো কাম কৰিবলৈ ইচ্ছুক হোৱা জনে ৰাখিছে?
নিজকে উচ্চ বুলি ভবা ব্যক্তিজন নে বা আনক উচ্চ বুলি ভবা জনে যীচুৰ দৰে মনোবৃত্তি ৰাখিছে?
[২৫ পৃষ্ঠাৰ ছবি]
হামনৰ ধ্বংস হোৱাৰ কাৰণটো আপুনি জানেনে?
[২৬ পৃষ্ঠাৰ ছবি]
আপুনি আনক সেৱা কৰিবলৈ সুযোগ বিচাৰেনে?