অত্যধিক ভৌতিক বস্তু সংগ্ৰহ কৰাৰ হাবিয়াহ
অত্যধিক ভৌতিক বস্তু সংগ্ৰহ কৰাৰ হাবিয়াহ
“যদি আমি সন্তুষ্টি নহওঁ, তেন্তে কোনো বস্তুৱে আমাৰ বাবে যথেষ্ট নহʼব।”—বিশ্বদৰ্শন প্ৰতিষ্ঠানৰ ৰিপোৰ্ট।
“আমি কি বিচাৰোঁ? সকলোকে বিচাৰোঁ। আমি কেতিয়া বিচাৰোঁ? এতিয়া বিচাৰোঁ।” এই মূলমন্ত্ৰতো ১৯৬০ দশকৰ কলেজ বিদ্যাৰ্থীসকলৰ মাজত বৃহৎভাৱে প্ৰচলিত আছিল। বৰ্তমান সময়ত তেনে মূলমন্ত্ৰ যদিও শুনিবলৈ পোৱা নাযায়, কিন্তু মূল ভাৱধাৰা এতিয়াও একেই হৈ আছে। দৰাচলতে আমাৰ সময়ত ভৌতিক বস্তু সংগ্ৰহ কৰাত লোকসকলৰ হাবিয়াহ অত্যধিকভাৱে বৃদ্ধি পাইছে।
বহুতৰ বাবে ধন-সম্পত্তি আৰ্জন কৰাটো অতি গুৰুত্বপূৰ্ণ লক্ষ্য হৈ পৰিছে। এই সম্পৰ্কে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব্ব ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে এবাৰ এইদৰে কৈছিল: “এজন ব্যক্তিৰ ওচৰত কি আছিল তাৰ দ্বাৰা নহয়, কিন্তু তেওঁৰ ওচৰত কি আছে তাৰ দ্বাৰাহে আজি মানুহে চিনি পায়।” ধন-সম্পত্তিতকৈ অধিক মূল্যৱান কিবা আছেনে? যদি আছে, তেনেহʼলে তাৰ পৰা কেনে লাভসমূহ পোৱা যাব? (w04 10/15)