Skip to content

Skip to table of contents

দান কৰি আনন্দিত হ’ব পাৰে বুলি আপুনি জানেনে?

দান কৰি আনন্দিত হ’ব পাৰে বুলি আপুনি জানেনে?

দান কৰি আনন্দিত হʼব পাৰে বুলি আপুনি জানেনে?

 এগৰাকী বিশ্বাসী খ্ৰীষ্টান মহিলাই ঈশ্বৰৰ সেৱাত প্ৰায় ৫০ বছৰ সময় অতিবাহিত কৰিলে। বৃদ্ধা অৱস্থাই যদিও মহিলা গৰাকীক শাৰীৰিকভাৱে দুৰ্ব্বল কৰি তুলিছিল, তথাপিও তাই নতুনকৈ নিৰ্মাণ কৰা ৰাজ্যগৃহক চাবলৈ ঠিৰাং কৰিলে। মহিলা গৰাকীয়ে এজন খ্ৰীষ্টান ভাইৰ সহায় লৈ ৰাজ্যগৃহত প্ৰৱেশ কৰি প্ৰথমতে তাই দান-বৰঙণিৰ বক্সৰ অভিমুখে আগবাঢ়ি গʼল। সেই দান-বৰঙণিৰ বক্সত মহিলা গৰাকীয়ে ৰাজ্যগৃহ নিৰ্মাণৰ উদ্দেশ্যেৰে সঞ্চিত কৰি ৰাখা এক সীমিত পৰিমাণৰ ধন দান কৰিলে। যদিও মহিলা গৰাকীয়ে নিৰ্মাণ কাৰ্য্যত শাৰীৰিকভাৱে কোনো সহায় কৰিব নোৱাৰিলে, তথাপিও তাই সহায় কৰিব বিচাৰিছিল।

এই বৃদ্ধা খ্ৰীষ্টান মহিলা গৰাকীয়ে হয়তো আপোনাক বাইবেলত উল্লেখ কৰা আন এগৰাকী বিশ্বাসী মহিলা অৰ্থাৎ ‘দৰিদ্ৰ বাঁৰী’ স্ত্ৰীৰ বিষয়ে স্মৰণ কৰাই দিয়ে, যি গৰাকীক যীচুৱে মন্দিৰৰ ভঁৰালত দুটা পাই দান কৰা দেখিছিল। আমি যদিও সেই দৰিদ্ৰ মহিলা গৰাকীৰ পৰিস্থিতিৰ বিষয়ে নাজানোঁ, তথাপিও সেই সময়ত তাইৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নাছিল। এনে অৱস্থাৰ স্বত্ত্বেও দান কৰা দেখি যীচুৱে নিশ্চয়ে মহিলা গৰাকীৰ প্ৰতি সমবেদনা অনুভৱ কৰিছিল আৰু তাইৰ অৱস্থাৰ বিষয়ে বুজিছিল। বৃদ্ধা মহিলা গৰাকীৰ আৰ্হিক যীচুৱে শিষ্যসকলৰ আগত উদাহৰণৰূপে দাঙি ধৰি এইদৰে কৈছিল যে, স্ত্ৰী গৰাকীয়ে কৰা একেবাৰে কম পৰিমাণৰ উপহাৰে “তেওঁৰ সকলো জীৱিকা” দিয়াক নিৰ্দ্দেশিত কৰিলে।—মাৰ্ক ১২:৪১-৪৪.

দৰিদ্ৰ বাঁৰী বৃদ্ধা গৰাকীৰ দৰে এই দুখীয়া খ্ৰীষ্টান মহিলা গৰাকীয়ে কিয় তেনে দান কৰিলে? ইয়াত স্পষ্টকৈ এইটো দেখিবলৈ পোৱা গৈছে যে সেই মহিলা গৰাকীৰ হৃদয়ত যিহোৱা আৰু তেওঁক উপাসনা কৰা ৰাজ্যগৃহৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছিল। যদিও মহিলা গৰাকীয়ে কৰা কাৰ্য্য সীমিত আছিল, তথাপিও তাই পবিত্ৰ সেৱা আগবঢ়াব বিচাৰিছিল। নিজৰ সামৰ্থৰ অনুসাৰে দান কৰি মহিলা গৰাকীয়ে অৱশ্যেই প্ৰকৃত আনন্দ লাভ কৰিলে।

যিহোৱাৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ কৰা দান

পবিত্ৰ সেৱা উন্নত হোৱাত সমৰ্থন কৰিবলৈ সদায়ে ভৌতিক আৰু আৰ্থিকৰূপে দান কৰাটো আৱশ্যকতা হৈছে আৰু এনে দান কৰি নিশ্চয়ে অধিক আনন্দ পোৱা যায়। (১ বংশাৱলি ২৯:৯) প্ৰাচীন ইস্ৰায়েলৰ সময়ত কেৱল মন্দিৰক সুন্দৰকৈ ৰাখিবলৈ নহয়, কিন্তু যিহোৱাৰ উপাসনাৰ সকলো ক্ষেত্ৰত হোৱা কাৰ্য্য একেৰাহে চলি থাকিবলৈও দান কৰা হৈছিল। মন্দিৰত সেৱা সম্পন্ন কৰা লেবীসকলৰ সহায়ৰ অৰ্থে ইস্ৰায়েলৰ সন্তানবিলাকক দশম অংশ দান কৰাৰ এক নিৰ্দ্দিষ্ট ব্যৱস্থা দিয়া হৈছিল। তদুপৰি লেবীসকলেও তেওঁলোকে পোৱা দানৰ দশম অংশ যিহোৱাৰ উদ্দেশ্যৰে দান কৰিব লাগিছিল।—গণনা পুস্তক ১৮:২১-২৯.

বৰ্তমান সময়ৰ খ্ৰীষ্টানসকল যদিও সেই ব্যৱস্থাৰ অন্তৰ্গত নাই, তথাপিও যিহোৱাৰ উপাসকসকলে ভৌতিক আৰু আৰ্থিকৰূপে আগবঢ়োৱা সাহায্যৰ সিদ্ধান্তত এতিয়াও কোনো পৰিৱৰ্তন হোৱা নাই। (গালাতীয়া ৫:১) তদুপৰি প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে তেওঁলোকৰ ভাইবিলাকৰ আৱশ্যকতাসমূহক পূৰণ কৰিবলৈ দান কৰাটো এটা আনন্দৰ বিষয় বুলি জ্ঞান কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২:৪৫, ৪৬) সেয়েহে পাঁচনি পৌলে তেওঁৰ সময়ৰ খ্ৰীষ্টানসকলক সোঁৱৰাই দি কৈছিল যে, যিদৰে ঈশ্বৰলৈ উত্তম বস্তু আগবঢ়োৱা হয়, সেইদৰে উদাৰমনেৰে আনৰ বাবেও যেন একেইদৰে কৰে। এই বিষয়ে তেওঁ এইদৰে লিখিছিল: “যিবিলাক ইহলোকত ধনৱন্ত, তেওঁবিলাকক এই আজ্ঞা দিয়া যে, তেওঁবিলাক উচ্চমনা নহওক, আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভাৰসা নকৰি, যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক; তেওঁবিলাকে সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক; বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছুক হওক; প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচক।।” (১ তীমথিয় ৬:১৭-১৯; ২ কৰিন্থীয়া ৯:১১) দৰাচলতে পৌলে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা যীচুৰ এই বাক্যক প্ৰতিপাদন কৰিব পাৰিলে: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

বৰ্তমান সময়ত প্ৰকৃত খ্ৰীষ্টানসকলে কৰা দান

আজিৰ সময়ত যিহোৱাৰ উপাসকসকলে একেৰাহে এজনে আনজনক আৰু ঈশ্বৰৰ কাৰ্য্যলৈ তেওঁলোকৰ ভৌতিক সাহায্য আগবঢ়াইছে। যিসকলৰ ওচৰত যদিও অলপ আছে, তথাপিও তেওঁলোকে নিজৰ সামৰ্থৰ অনুসৰি সহায় কৰিছে। গতিকে ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ সেই দান-দক্ষিণাবোৰেৰে যিহোৱা ঈশ্বৰৰ কাৰ্য্যক উত্তমভাৱে সম্পন্ন কৰাত দায়িত্ববোধ কৰিছে। (মথি ২৪:৪৫) সেই পুঁজিবোৰ ব্যৱহাৰ কৰি শাখা কাৰ্য্যালয় চলোৱা, বাইবেল আধাৰিত সাহিত্যৰ অনুবাদ কৰা, খ্ৰীষ্টান অধিৱেশন, সন্মিলন, পৰিব্ৰাজক অধ্যক্ষ আৰু মিছনাৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়। তদুপৰি দুৰ্যোগত সাহায্য আৰু আন বহু গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হয়। এতেকে আঁহক আমি তাৰে এটা কাৰ্য্য অৰ্থাৎ উপাসনা স্থানৰ নিৰ্মাণৰ বিষয়ে বিবেচনা কৰোঁহঁক।

যিহোৱাৰ সাক্ষীসকলে সপ্তাহত কেইবাবাৰো তেওঁলোকৰ ৰাজ্যগৃহত আধ্যাত্মিক শিক্ষা লাভ আৰু উৎসাহজনক সঙ্গতি কৰিবলৈ একত্ৰিত হয়। বহুতো দেশত তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বাবে প্ৰথমে সহায় নোপোৱাকৈ নিজা ৰাজ্যগৃহ নিৰ্মাণ কৰিব নোৱাৰে। সেয়েহে ১৯৯৯ চনত যিহোৱাৰ সাক্ষীসকলে এনে এটা কাৰ্য্যক্ৰমৰ আৰম্ভ কৰে যাৰ যোগেদি ধনী দেশবোৰৰ পৰা পুঁজি লৈ দুখীয়া দেশবোৰত ৰাজ্যগৃহ নিৰ্মাণ কৰিব পাৰে। ইয়াৰ উপৰিও হাজাৰ হাজাৰজন স্বেচ্ছাকৰ্মীয়ে এনে দেশবোৰত থকা দূৰবৰ্তী অঞ্চললৈ গৈ ৰাজ্যগৃহ নিৰ্মাণ কাৰ্য্যত সময় অতিবাহিত কৰি নিজৰ দক্ষতা আগবঢ়াইছে। নিৰ্মাণৰ সময়ছোৱাত স্থানীয় সাক্ষীসকলে নিৰ্মাণ আৰু চোৱা-চিতা কৰাৰ বিষয়ে শিকিছে আৰু সেইবাবে ৰাজ্যগৃহৰ পুঁজিৰে আৱশ্যক হোৱা যাৱতীয় বস্তু কিনাত সম্ভৱ হৈছে। যিসকল যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে এতিয়া নতুন ৰাজ্যগৃহ ব্যৱহাৰ কৰিছে, তেওঁলোকে তেওঁলোকৰ সঙ্গী ভাই-ভনীসকলে আগবঢ়োৱা দানৰ বাবে আন্তৰিক কৃতজ্ঞতা অনুভৱ কৰিছে। তদুপৰি স্থানীয় ভাই-ভনীসকলেও প্ৰত্যেক মাহে নতুন ৰাজ্যগৃহক চোৱা-চিতা কৰা আৰু অধিককৈ নতুন ৰাজ্যগৃহ নিৰ্মাণ কৰাত সহায় কৰিবলৈ দান-বৰঙণি আগবঢ়াইছে।

ৰাজ্যগৃহবোৰ স্থানীয় পদ্ধতি আৰু বস্তুৰে নিৰ্মাণ কৰা হৈছে। যদিও সেইবোৰ বিস্তাৰিত নহয়, তথাপিও সেই ৰাজ্যগৃহবোৰ দেখাত শুৱনী, ব্যৱহাৰিক আৰু আৰামদায়ক। ১৯৯৯ চনত সীমিত পুঁজিৰ সৈতে এই নিৰ্মাণ কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ সময়ত প্ৰায় ৪০ খন দেশ সন্মিলিত কৰা হʼল। তেতিয়াৰ পৰা তেনে ১১৬ খন দেশত এই কাৰ্য্যক্ৰম বিস্তাৰিত কৰা হʼল আৰু ইয়াত সন্মিলিত আছে বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলৰ আধাতকৈ অধিক মণ্ডলীবোৰ। এই ব্যৱস্থাৰ অন্তৰ্গত যোৱা পাঁচ বছৰত ৯,০০০ খনতকৈ অধিক ৰাজ্যগৃহ নিৰ্মাণ কৰা হয়। গড় হিচাপে প্ৰত্যেক দিনা ৫ খনকৈ নতুন ৰাজ্যগৃহ নিৰ্মাণ কৰা হৈছে! কিন্তু এই ১১৬ খনত দেশত এতিয়াও ১৪,৫০০ খন ৰাজ্যগৃহৰ আৱশ্যক হৈছে। যিহোৱাৰ আশীৰ্ব্বাদ আৰু সাক্ষী ভাই-ভনীসকলে উদাৰমনেৰে কৰা দান-বৰঙণিৰ পুঁজিৰে এই আৱশ্যকতা সম্পন্ন হʼব বুলি আশা কৰা হৈছে।—গীত ১২৭:১.

ভৱিষ্যতে ৰাজ্যগৃহ নিৰ্মাণ কাৰ্য্যৰ বৃদ্ধি

এনে প্ৰচেষ্টাই স্থানীয় সাক্ষীসকল আৰু ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত কেনেদৰে প্ৰভাৱিত কৰিলে? বহুতো ঠাইত নতুনকৈ ৰাজ্যগৃহ নিৰ্মাণ কৰাৰ পিছত সভাত উপস্থিত হোৱা সকলৰ সংখ্যা আচৰিতৰূপে বৃদ্ধি পালে। এই বিষয়ে বুৰুণ্ডিৰ পৰা অহা ৰিপোৰ্টৰ বিষয়ে বিবেচনা কৰক, যʼত এইদৰে কৈছে: “ৰাজ্যগৃহ নিৰ্মাণ শেষ হোৱাৰ অনতি পলমে উপস্থিতিৰ সংখ্যাত বৃদ্ধি পালে। উদাহৰণস্বৰূপে, গড় হিচাপে ১০০ জন উপস্থিত হোৱা এখন মণ্ডলীৰ বাবে ১৫০ জনে আৰামেৰে বহিব পৰাকৈ ৰাজ্যগৃহ নিৰ্মাণ কৰা হʼল। কিন্তু ৰাজ্যগৃহ নিৰ্মাণ সমাপ্তি হোৱাৰ সময়লৈকে সভাত উপস্থিতিৰ সংখ্যা ২৫০ জনলৈ বৃদ্ধি পালে।”

কিয় এনে বৃদ্ধি দেখিবলৈ পোৱা গৈছে? ইয়াৰ এটা কাৰণ হৈছে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকসকলৰ আনুষ্ঠানিক সভাৰ স্থান নথকাৰ বাবে তেওঁলোকে গছৰ তলত বা মুকলি পথাৰত একগোট হৈছিল আৰু যাৰ বাবে লোকসকলে তেওঁলোকক সন্দেহেৰে লক্ষ্য কৰিছিল। এখন ঠাইত আন ধৰ্ম্মীয় গোটসমূহে একত্ৰিত হৈ জাতিগত সংঘৰ্ষত লিপ্ত হৈছিল আৰু তেতিয়াৰে পৰা সকলো ধৰ্ম্মীয় সভাবোৰ উপাসনা ভৱনৰ ভিতৰত হোৱা আৱশ্যক বুলি আইন জাৰি কৰা হʼল।

যিহোৱাৰ সাক্ষীসকলে নিজাকৈ ৰাজ্যগৃহ নিৰ্মাণ কৰাৰ দ্বাৰা সম্প্ৰদায়ক প্ৰকাশ কৰিলে যে তেওঁলোক কোনো ধৰ্ম্মযাজকৰ ব্যক্তিগত শিষ্য নহয়। জিম্বাবʼৱেত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ে এইদৰে লিখে: “অতীতত ভাই-ভনীসকলে সভাৰ বাবে তেওঁলোকৰ ব্যক্তিগত ঘৰবিলাকত একগোট হৈছিল আৰু স্থানীয় লোকবিলাকে মণ্ডলীৰ সৈতে ঘৰখনৰ গৃহস্থৰ সৈতেও পৰিচিত হৈছিল। লোকবিলাকে ভাই-ভনীসকলক শ্ৰীমান আমুকাৰ গীৰ্জাৰ সদস্য বুলি সম্বোধন কৰিছিল। এতিয়া সেই সকলো সম্পূৰ্ণকৈ সলনি হৈছে আৰু লোকবিলাকে স্পষ্টকৈ প্ৰত্যেকখন ভৱনক ‘যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহ’ বুলি চিনি পাইছে।”

হৰ্ষিত মনেৰে দান কৰাজন

পাঁচনি পৌলে এইদৰে লিখিছিল যে, “হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” (২ কৰিন্থীয়া ৯:৭) অধিককৈ কৰা দান-বৰঙণি অতিশয় সহায়ক হয়। কিন্তু যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে অধিক পুঁজি ৰাজ্যগৃহৰ দান-বৰঙণিৰ বক্সৰ পৰা সংগ্ৰহ কৰা হয়। দান কৰাৰ পৰিমাণ কম বা অধিক নহওক কিয় তাৰ গুৰুত্বতাৰ প্ৰতি কেতিয়াও উপেক্ষা কৰা উচিত নহয়। স্মৰণ কৰক যে যীচুৱে এনে স্থানত বহি আছিল যʼৰ পৰা দৰিদ্ৰ বাৰী মহিলা গৰাকীয়ে দুই পাই আধলি দান কৰা দেখিছিল। একেই সময়ত স্বৰ্গদূত আৰু যিহোৱা ঈশ্বৰেও মহিলা গৰাকীক লক্ষ্য কৰি আছিল। সেই মহিলা গৰাকীৰ নামৰ বিষয়ে যদিও আমি নাজানোঁ, কিন্তু যিহোৱা ঈশ্বৰে সেই মহিলা গৰাকীৰ নিস্বাৰ্থপৰতাৰ কাৰ্য্যৰ বিষয়ে সদায় দিনৰ বাবে বাইবেলত লিপিবদ্ধ কৰাই ৰাখিলে।

তদুপৰি ৰাজ্যগৃহ নিৰ্মাণৰ বাবে দিয়া আমাৰ দান-বৰঙণিৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যৰ আন গুৰুত্বপূৰ্ণ কাৰ্য্যসমূহ সমপন্ন কৰা হয়। গতিকে এইধৰণে সহযোগ আগবঢ়োৱাই আমাক আনন্দত হৰ্ষিত আৰু ‘অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশে উপচি পৰাৰ’ কাৰণ প্ৰদান কৰে। (২ কৰিন্থীয়া ৯:১২) বেনিনত থকা আমাৰ প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীসকলে এইদৰে ৰিপোৰ্ট দিছে: “অন্তৰাষ্ট্ৰীয় ভাতৃত্বসমাজৰ পৰা আৰ্থিক সাহায্য লাভ কৰাৰ বাবে প্ৰত্যেকদিনা যিহোৱা ঈশ্বৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি বহুতো প্ৰাৰ্থনা কৰা হয়।” একেই সময়তে ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যত আৰ্থিক সাহায্য আগবঢ়োৱাসকলে আনন্দৰ অভিজ্ঞতা হোৱা নাইনে বাৰু! (w04 11/1)

[৬, ৭ পৃষ্ঠাৰ বক্স/ছবি]

কিছুমানে দান কৰিবলৈ এই পদ্ধতিবোৰৰ বাছনি কৰে

বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান

বহুতে “বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান—মথি ২৪:১৪” বুলি লিখা বাকচত দান কৰিবলৈ নিৰ্দ্দিষ্ট পৰিমাণৰ ধন আছুতীয়াকৈ ৰাখে।

প্ৰত্যেক মাহে মণ্ডলীসমূহে তেওঁলোকৰ দেশত থকা যিহোৱাৰ সাক্ষীৰ কাৰ্য্যালয়লৈ এই দানবোৰ পঠায়। তদুপৰি স্বইচ্ছাৰে কৰা দান-বৰঙণিও এই কাৰ্য্যবোৰত লোকসকলে ব্যক্তিগতভাৱে পঠিয়ায়। শাখা কাৰ্য্যালয়ৰ ঠিকনাসমূহ আলোচনীবোৰৰ ২ পৃষ্ঠাত উল্লেখ কৰা আছে। ধনাদেশ অথবা চেক জড়িয়তে দান কৰিবলৈ চেকবোৰৰ প্ৰাপ্য স্থানত “Watch Tower” (ওৱাচ্‌ টাৱাৰ) বুলি লিখা আৱশ্যক। অলংকাৰ-পাতি বা আন মূল্যৱান বস্তুও দান কৰিব পাৰে। এনে বস্তু দান কৰাৰ সময়ত সেই উপহাৰবোৰৰ বিষয়ে বৰ্ণনা কৰি এখন চিঠি পঠোৱা উচিত।

চৰ্তসাপেক্ষ দান-বৰঙনিৰ ট্ৰাষ্ট ব্যৱস্থা

উভটাই দিয়াৰ চৰ্তৰে ওৱাচ্‌ টাৱাৰ কাৰ্য্যালয়ৰ লাভৰ বাবে মূলধনবোৰ ট্ৰাষ্ট বা বেংকত ৰাখিব পাৰে। এই বিষয়ে অধিককৈ জানিবলৈ অনুগ্ৰহ কৰি আপোনাৰ স্থানীয় শাখা কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰক।

দাতব্য পৰিকল্পনা

উপহাৰ হিচাপে আৰ্থিক সাহায্য আগবঢ়োৱাৰ উপৰিও ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যবোৰৰ লাভৰ বাবে আন উপায়েৰেও দান কৰিব পাৰে। ইয়াত সন্মিলিত আছে:

জীৱন বীমা: জীৱন বীমা চুক্তি বা অৱসৰপ্ৰাপ্ত/পেঞ্চনৰ আঁচনি নামাত পাওঁতা হিচাপে ওৱাচ্‌ টাৱাৰ কাৰ্য্যালয়ৰ নাম লিখিব পাৰে।

বেঙ্ক একাউন্ট: উপযুক্ত বুলি প্ৰমাণপত্ৰ দিয়া জমাকৰ্ত্তা বা অৱসৰপ্ৰাপ্ত ব্যক্তিৰ একাউন্ট ট্ৰাষ্টত ৰাখিব অথবা স্থানীয় বেঙ্কৰ ব্যৱস্থাৰ অনুসাৰে জমাকৰ্ত্তাৰ মৃত্যুৰ পিছত জমা ধনখিনি ওৱাচ্‌ টাৱাৰ কাৰ্য্যালয়ক দিবলৈ প্ৰবন্ধ কৰিব পাৰে।

তহবিল আৰু চুক্তি: তহবিল আৰু চুক্তি উপহাৰ হিচাপে পোনপটীয়াকৈ ওৱাচ্‌ টাৱাৰ কাৰ্য্যালয়ক দান কৰিব পাৰে।

ভূ-সম্পত্তি: বজাৰত চাহিদা থকা সা-সম্পত্তি পোনপটীয়াকৈ উপহাৰ হিচাপে দান বা বসতি কৰি থকা সম্পত্তি এজনৰ মৃত্যুলৈকে তাত থকাৰ চৰ্তৰেও দান কৰিব পাৰি। গতিকে যদি আপুনি তেনে কৰিব বিচাৰিছে, তেনেহʼলে সা-সম্পত্তিৰ দলীল কৰাৰ পূৰ্বেই আপোনাৰ দেশত থকা শাখা কাৰ্য্যালয়ৰ সৈতে যোগযোগ কৰক।

বছেৰেকীয়া উপহাৰ: নিয়মীয়া উপহাৰ হৈছে এনে এটা ব্যৱস্থা যাৰ দ্বাৰা এজনে নিজৰ ধন বা সঞ্চিতসমূহ ওৱাচ্‌ টাৱাৰ নিগমলৈ স্থানান্তৰ কৰিব পাৰে। ইয়াৰ সলনি দানকৰ্ত্তা বা দানকৰ্ত্তাজনে নিযুক্ত কৰা কোনো এজন ব্যক্তিয়ে জীৱনৰ সময়ছোৱাত বছেৰেকীয়া এক নিৰ্দ্দিষ্ট পৰিমাণৰ ধন লাভ কৰে। নিয়মীয়া উপহাৰ ব্যৱস্থা স্থাপন হোৱাৰ বাবে দানকৰ্ত্তাজনে আয় কৰৰ পৰা ৰেহাই পায়।

ইচ্ছাপত্ৰ বা উইল আৰু ট্ৰাষ্ট: আইনমতে উইল কৰি সা-সম্পত্তি বা ধন ওৱাচ্‌ টাৱাৰক দান কৰিব বা এটা ট্ৰাষ্টৰ চুক্তিনামাত পাওঁতা হিচাপে ওৱাচ্‌ টাৱাৰৰ নাম লিখিব পাৰে। যদিও এইটো ভাৰতত নহয়, কিন্তু কিছুমান দেশত ট্ৰাষ্টে এটা ধৰ্ম্মীয় সংগঠনক বিশেষ কৰৰ পৰা ৰেহাই পাবলৈ সুবিধা দিয়ে।

“দাতব্য পৰিকল্পনা” বুলি উল্লেখ কৰা উক্তিটো এনে ধৰণৰ দানৰ ওপৰত প্ৰযোজ্য হয়, যাৰ বাবে দানকৰ্ত্তাসকলেও কোনো পৰিকল্পনা কৰা আৱশ্যক। যিহোৱাৰ সাক্ষীসকলৰ বিশ্বজুৰি কাৰ্য্যৰ লাভৰ অৰ্থে সহায় আগবঢ়াবলৈ আগ্ৰহ থকা সকলক যদি কোনো প্ৰকাৰৰ দাতব্য পৰিকল্পনাৰ আৱশ্যক, তেনেহʼলে তেওঁলোকক সহায় কৰিবলৈ ইংৰাজী আৰু স্পেনীয় ভাষাত এখন ব্ৰচাৰ তৈয়াৰ কৰা হৈছে, যাৰ নাম, বিশ্বজুৰি ৰাজ্যৰ কাৰ্য্যৰ লাভৰ বাবে দাতব্য পৰিকল্পনা। এই ব্ৰচাৰখনত, এতিয়া বা দানকৰ্ত্তাৰ মৃত্যুৰ পিছত উপহাৰ দিয়াৰ ভিন্ন পদ্ধতিবোৰৰ সংবাদ দিয়া হৈছে। এই পুস্তকখন পঢ়াৰ পিচত বহুতে তেওঁলোকৰ সা-সম্পত্তি দান কৰাৰ সম্বন্ধে আইন বা কৰ উপদেষ্টাৰ সৈতে বিবেচনা কৰাৰ পিছত বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যত সহায় আগবঢ়াবলৈ সক্ষম হৈছে আৰু একেই সময়ত তেওঁলোকে কৰৰ পৰা পোৱা লাভসমূহৰো সুবিধা লৈছে।

এই বিষয়ে অধিককৈ জানিবলৈ আপুনি চিঠি বা টেলিফোনৰ যোগেদি যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰক। তলত আপোনাৰ দেশত থকা যিহোৱাৰ সাক্ষীসকলৰ ঠিকনা দিয়া হৈছে।

Jehovah’s Witnesses,

Post Box 6440,

Yelahanka,

Bangalore 560 064,

Karnataka.

Telephone: (080) 28468072

[৪, ৫ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাৰ সাক্ষীসকলৰ অতীত আৰু বৰ্তমানৰ ৰাজ্যগৃহ

জাম্বিয়া

চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক