পাঠ ০১
ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
আমি সকলোৱে আনন্দত থাকিব বিচাৰোঁ। কিন্তু আমাৰ মনলৈ কিছুমান প্ৰশ্ন আহে। যেনে, আমি কিয় দুখ-কষ্টৰ সন্মুখীন হৈ আছোঁ? ভৱিষ্যতে পৃথিৱীখনৰ কি হʼব? আমি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম আৰু তেওঁলোকক কেনেকৈ আনন্দত ৰাখিম? এনেধৰণৰ প্ৰশ্নই আমাক চিন্তিত কৰি তোলে। কিন্তু আনন্দৰ বিষয় যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ ঈশ্বৰৰ বাক্য বাইবেলত বিচাৰি পাব আৰু সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰে, সেয়াও জানিব পাৰিব।
১. বাইবেলত কি কি প্ৰশ্নৰ উত্তৰ দিয়া হৈছে?
বাইবেলত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যেনে, জীৱনৰ আৰম্ভণি কেনেকৈ হʼল? আমাৰ জীৱনৰ উদ্দেশ্য কি? ভাল মানুহৰ লগত অন্যায় কিয় হয়? মৃত্যু হʼলে এজন ব্যক্তিৰ কি হয়? যদি সকলোৱে শান্তি বিচাৰে, তেনেহʼলে লোকসকলে যুদ্ধ আৰু হাই-কাজিয়া কিয় কৰে? ভৱিষ্যতে এই পৃথিৱীখন ধ্বংস হʼব নেকি? আজি বহুতোলোকে বাইবেলৰপৰা এই প্ৰশ্নবোৰৰ উত্তৰ জানি শান্ত্বনা লাভ কৰিছে আৰু আপুনিও এই প্ৰশ্নবোৰৰ উত্তৰ জনাটো ঈশ্বৰে বিচাৰে।
২. বাইবেল পঢ়িলে আমি কেনেকৈ লাভৱান হʼম?
বাইবেলত বহুতো ভাল পৰামৰ্শ দিয়া হৈছে। যেনে, ইয়াত কোৱা হৈছে যে পৰিয়ালৰ প্ৰতিজন লোকে কেনেকৈ আনন্দত থাকিব পাৰে। যেতিয়া চিন্তাই আমাক আগুৰি ধৰে, তেতিয়া আমি কি কৰিব পাৰোঁ আৰু চাকৰিত কিবা সমস্যা আহিলে আমি কি কৰিব পাৰোঁ। ইয়াৰ উপৰিও, বাইবেলত আৰু বহুতো বিষয় উল্লেখ আছে। যদি আমি এই কিতাপখন একেলগে মিলি আলোচনা কৰোঁ, তেনেহʼলে আপুনি বুজিব পাৰিব যে বাইবেলত লিখা সকলো কথা আমাৰ বাবে “লাভজনক।”—২ তীমথিয় ৩:১৬, ১৭.
আপুনি পঢ়া এই কিতাপখন পবিত্ৰ শাস্ত্ৰ বাইবেল নহয়। কিন্তু এই কিতাপত বাইবেলৰ পদবোৰ দিয়া আছে। সেইবাবে, এই কিতাপখন পঢ়াৰ সময়ত ইয়াত দিয়া সকলো পদবোৰ পঢ়ক। এইদৰে কৰিলে আপুনি জানিব পাৰিব যে আপুনি শিকা কথাবোৰ বাইবেলৰপৰা হয়।
গভীৰভাৱে ধ্যান কৰক
বাইবেলখন পঢ়ি বহুতোলোকে কেনেকৈ লাভৱান হৈছে? বাইবেল পঢ়ি ভাল লাগিবলৈ আপুনি কি কৰিব পাৰে? বাইবেলখন ভালদৰে বুজিবলৈ আনৰ সহায় লোৱাটো কিয় প্ৰয়োজন? আহক এই বিষয়ে আলোচনা কৰোঁ।
৩. বাইবেলে আমাক সঠিক পথ দেখুৱায়
বাইবেলক পোহৰৰ লগত তুলনা কৰিব পাৰি। যিদৰে ৰাতিৰ আন্ধাৰত আমি পোহৰৰ সহায়ত পথ দেখা পাওঁ, ঠিক সেইদৰে বাইবেল পঢ়িলে আমি ভাল নিৰ্ণয় লʼব পাৰোঁ আৰু ভৱিষ্যতৰ বিষয়েও জানিব পাৰোঁ।
গীতমালা ১১৯:১০৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
-
এই পদত বাইবেলক কিহৰ লগত তুলনা কৰা হৈছে?
-
আপুনি কি ভাবে, বাইবেলে আপোনাক পথ দেখুৱাব পাৰিবনে?
৪. বাইবেলে আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে
বহুবছৰৰপৰা এগৰাকী তিৰোতাৰ মনত কিছুমান প্ৰশ্ন আছিল। তাই সেই প্ৰশ্নবোৰৰ উত্তৰ কʼতো বিচাৰি পোৱা নাছিল। কিন্তু বাইবেল পঢ়ি তাই সেই সকলো প্ৰশ্নৰ উত্তৰ পালে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
-
ভিডিঅʼখনত দেখুৱা তিৰোতাগৰাকীৰ মনত কি কি প্ৰশ্ন আছিল?
-
বাইবেল পঢ়ি তাই কি জানিব পাৰিলে?
বাইবেলে আমাক প্ৰশ্ন সুধিবলৈ উৎসাহিত কৰে। মথি ৭:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
যদি আপুনি ঈশ্বৰক প্ৰশ্ন সুধিবলৈ সুযোগ পায়, তেনেহʼলে আপুনি কি সুধিব?
৫. বাইবেলখন এবাৰ পঢ়ি চাওক, আপোনাক নিশ্চয় ভাল লাগিব
বহুতোলোকে বাইবেল পঢ়ি ভাল পায় আৰু ইয়াৰপৰা তেওঁলোকে লাভৱানো হৈছে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
-
এই ভিডিঅʼখনত দেখুৱা ডেকা ভাই-ভনীসকলক কিতাপ পঢ়ি কেনেকুৱা লাগিছিল?
-
কিন্তু তেওঁলোকক বাইবেল পঢ়িবলৈ কিয় ভাল লাগিবলৈ ধৰিলে?
বাইবেলৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। আমি নিৰাশ হোৱাৰ সময়ত শান্ত্বনা আৰু আশা লাভ কৰোঁ। ৰোমীয়া ১৫:৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
আমি শান্ত্বনা আৰু আশা কেনেকৈ লাভ কৰিব পাৰোঁ, আপুনি জানিব বিচাৰেনে?
৬. আনৰ সহায় লৈ আপুনি বাইবেলখন ভালদৰে বুজিব পাৰে
কিছুমান লোকে নিজে বাইবেল পঢ়াৰ লগতে আনৰো সহায় লয়। এইদৰে তেওঁলোকে বাইবেলখন ভালদৰে বুজিব পাৰিছে। পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
আপুনি কেনেকৈ বাইবেলখন ভালদৰে বুজিব পাৰে?—৩০ আৰু ৩১ পদ চাওক।
কিছুমান লোকে কয়: “বাইবেল পঢ়িনো কি লাভ হʼব।”
-
এই বিষয়ে আপুনি কি ভাবে? আপুনি এইদৰে কিয় ভাবে?
আমি কি শিকিলোঁ
সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আমাক সহায় কৰে। ইয়াত বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। বাইবেলখন পঢ়ি আমি শান্ত্বনা আৰু ভৱিষ্যতৰ বাবে আশা লাভ কৰোঁ।
আপুনি কেনেকৈ উত্তৰ দিব?
-
আমাৰ মনলৈ অহা চিন্তা-ভাৱনা দূৰ কৰিবলৈ বাইবেলে কেনেকৈ সহায় কৰে?
-
বাইবেলত কি কি প্ৰশ্নৰ উত্তৰ দিয়া হৈছে?
-
আপুনি বাইবেলৰপৰা কিহৰ বিষয়ে জানিব বিচাৰে?
বেছিকৈ জানক
বাইবেলৰ পৰামৰ্শ পালন কৰিলে আপুনি কেনেকৈ লাভৱান হʼব পাৰে, তাৰ বিষয়ে জানক।
“বাইবেলৰ পৰামৰ্শ—সকলো সময়তে ব্যৱহাৰিক” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ১ ২০১৮)
এজন ব্যক্তিয়ে সৰুৰেপৰা নিৰাশাত ভুগিছিল। বাইবেল পঢ়াৰ বাবে তেওঁ কেনেকৈ নিৰাশাৰ সন্মুখীন হʼব পাৰিলে, তাৰ বিষয়ে জানক।
বাইবেলত স্বামী-স্ত্ৰী আৰু লʼৰা-ছোৱালীৰ বাবে কি পৰামৰ্শ দিয়া হৈছে, তাৰ বিষয়ে জানক।
বহুতোলোকে ভাবে যে এই পৃথিৱীখন ঈশ্বৰে নিয়ন্ত্ৰণ কৰিছে। কিন্তু বাইবেলে কি কয়, তাৰ বিষয়ে জানক।