কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ১৩:১-১৩

১৩  যদি মই মানুহৰ আৰু স্বৰ্গদূতবিলাকৰ ভাষাৰে কওঁ, কিন্তু মোৰ হৃদয়ত প্ৰেম নাথাকে, তেনেহʼলে মই বাজি থকা ঘণ্টা বা বাজি থকা তাল হওঁ। ২  আৰু যদি মই ভৱিষ্যবাণী কৰা বৰদান পাইছোঁ আৰু মই সকলো পবিত্ৰ ৰহস্য বুজি পাওঁ আৰু মোৰ ওচৰত সকলো জ্ঞান আছে আৰু মোৰ ইমানেই বিশ্বাস আছে যে মই পাহাৰকো ইয়াৰ পৰা তালৈ আঁতৰাব* পাৰোঁ, কিন্তু মোৰ মাজত যদি প্ৰেম নাই, তেনেহʼলে মই একোৱেই নহওঁ।* ৩  যদি মই নিজৰ সকলো সম্পত্তি আনক খোৱাবৰ বাবে দি দিওঁ আৰু মই গৰ্ব কৰিবলৈ নিজৰ শৰীৰক বলিদান দি দিওঁ, কিন্তু মোৰ মাজত যদি প্ৰেম নাথাকে, তেনেহʼলে মোৰ একো লাভ নহʼব। ৪  প্ৰেমে ধৈৰ্য্য ধৰে আৰু কৃপা কৰে। প্ৰেমে ঈৰ্ষা নকৰে, ফিতাহি নামাৰে, অহংকাৰেৰে ভৰি নপৰে, ৫  বেয়া ব্যৱহাৰ নকৰে, কেৱল নিজৰ লাভৰ বিষয়ে চিন্তা নকৰে, সোনকালে খং নকৰে। প্ৰেমে ভুলবোৰ ধৰি নাৰাখে। ৬  প্ৰেমে বেয়া বিষয়ত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে। ৭  প্ৰেমে সকলো সহন কৰি লয়, সকলো কথাত বিশ্বাস কৰে, সকলো কথাত আশা ৰাখে, সকলো ধৈৰ্য্যেৰে সহন কৰি লয়। ৮  প্ৰেম কেতিয়াও লুপ্ত নহয়।* যদি ভৱিষ্যবাণী কৰাৰ বৰদান আছে, তেনেহʼলে সেয়া লুপ্ত হৈ যাব, আন ভাষা কোৱাৰ* বৰদান আছে, তেনেহʼলে সেয়া শেষ হৈ যাব, যদি জ্ঞান আছে, তেনেহʼলে সেয়া লুপ্ত হৈ যাব, ৯  কাৰণ আমাৰ জ্ঞান আধৰুৱা হৈ আছে আৰু আমি আধৰুৱা ভৱিষ্যবাণী কৰোঁ। ১০  কিন্তু আমি যেতিয়া সম্পূৰ্ণ জ্ঞান লাভ কৰিম আৰু সম্পূৰ্ণৰূপে ভৱিষ্যবাণী কৰিম, তেতিয়া আধৰুৱা জ্ঞান আৰু আধৰুৱা ভৱিষ্যবাণী লুপ্ত হৈ যাব। ১১  যেতিয়া মই শিশু আছিলোঁ, তেতিয়া মই শিশুৰ দৰে কথা পাতিছিলোঁ, শিশুৰ দৰে চিন্তা কৰিছিলোঁ, শিশুৰ দৰে যুক্তি কৰিছিলোঁ। কিন্তু এতিয়া মই ডাঙৰ হʼলোঁ, সেইবাবে মই শিশুৰ দৰে হʼবলৈ এৰি দিলোঁ। ১২  কাৰণ এতিয়া আমি স্পষ্টকৈ দেখা নাই, যেন আমি ধাতুৰে বনোৱা আইনাত চাই আছোঁ, কিন্তু সেই সময়ত মুখা-মুখিকৈ ভালদৰে দেখা পাম। এতিয়া মোৰ ওচৰত আধৰুৱা জ্ঞান আছে, কিন্তু সেই সময়ত মোৰ ওচৰত সম্পূৰ্ণ* জ্ঞান হʼব, যিদৰে ঈশ্বৰে মোৰ বিষয়ে সম্পূৰ্ণভাৱে জানে। ১৩  কিন্তু যি তিনিটা বিষয় থাকি যাব, সেয়া হৈছে বিশ্বাস, আশা আৰু প্ৰেম, কিন্তু এই তিনিটাৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ হৈছে প্ৰেম।

Footnotes

বা “ইয়াৰ পৰা উলিয়াই তাত লগাব।”
বা “মই কোনো কামৰ নহওঁ।”
বা “কেতিয়াও বিফল নহয়।”
অৰ্থাৎ চমৎকাৰেৰে আন ভাষা কোৱা।
বা “সঠিক।”