কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ৩:১-২৩

৩  সেইবাবে ভাইসকল, ঈশ্বৰৰ চিন্তাধাৰা ৰখা লোকসকলৰ লগত যিদৰে কথা পতা হয়, ঠিক সেইদৰে মই তোমালোকৰ লগত কথা পাতিব পৰা নাই, ইয়াৰ পৰিৱৰ্তে যিসকলে জগতৰ* চিন্তাধাৰা ৰাখে আৰু যিসকল খ্ৰীষ্টৰ পথ বুজাৰ ক্ষেত্ৰত এতিয়াও শিশু, তেওঁলোকৰ লগত যিদৰে কথা পতা হয়, ঠিক সেইদৰে পাতিছোঁ। ২  মই তোমালোকক গাখীৰ দিলোঁ, টান আহাৰ দিয়া নাই, কাৰণ সেই সময়ত সেয়া হজম কৰাৰ ক্ষমতা তোমালোকৰ নাছিল। আচলতে এতিয়াও তোমালোকৰ হজম কৰাৰ ক্ষমতা নাই। ৩  কিয়নো তোমালোক এতিয়াও জগতৰ চিন্তাধাৰা ৰাখা। তোমালোকৰ মাজত ঈৰ্ষা আছে আৰু কাজিয়া হয়, সেইবাবে তোমালোকে জগতৰ লোকসকলৰ দৰে নোহোৱা নে আৰু তোমালোক জগতৰ লোকসকলৰ দৰে নচলা নে? ৪  যেতিয়া তোমালোকৰ মাজৰ কোনোবাই কয়, “মই পৌলৰ শিষ্য হওঁ,” আৰু আন জনে কয়, “মই আপল্লোৰ হওঁ,” তেতিয়া তোমালোকে জগতৰ লোকসকলৰ দৰে ব্যৱহাৰ কৰা নাই নে? ৫  আপল্লো কোন? পৌলেই বা কোন? তেওঁলোক কেৱল সেৱক হয়, যিসকলক প্ৰভুৱে সেৱা কৰাৰ দায়িত্ব দিছে আৰু যিসকলৰ যোগেদি তোমালোকে বিশ্বাসী হৈছা। ৬  মই ৰুলোঁ, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়াই থাকিল। ৭  সেইবাবে, ৰুওঁতাজন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়, কিন্তু ঈশ্বৰ, যিজনে বঢ়ায় তেৱেঁই সকলো। ৮  যিজনে পুলি ৰুৱে আৰু যিজনে পানী দিয়ে, তেওঁলোক দুয়োজন একতাত আছে,* কিন্তু প্ৰতিজনে নিজৰ নিজৰ পৰিশ্ৰমৰ অনুসৰি পুৰস্কাৰ পাব। ৯  আমি ঈশ্বৰৰ সহকৰ্মী হওঁ। তোমালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ হোৱা, যʼত খেতি কৰা হয় আৰু ঈশ্বৰৰ ভৱন হোৱা। ১০  ঈশ্বৰে মোৰ ওপৰত মহা-কৃপা কৰিলে আৰু সেইবাবে মই এজন নিপুণ ৰাজমিস্ত্ৰীৰ দৰে ভিত্তি স্থাপন কৰিলোঁ। কিন্তু আন এজনে সেই ভিত্তিৰ ওপৰত ভৱন নিৰ্মাণ কৰিছে। সেই ভিত্তিৰ ওপৰত ভৱন কেনেকৈ নিৰ্মাণ কৰা হৈছে, সেয়া প্ৰতিজনে ধ্যান দি থাকক। ১১  কাৰণ যি ভিত্তি স্থাপন কৰা হৈছে, তাৰ বাহিৰে কোনো মানুহেই বেলেগ ভিত্তি স্থাপন কৰিব নোৱাৰে আৰু এই ভিত্তি হৈছে, যীচু খ্ৰীষ্ট। ১২  কোনোবাই এই ভিত্তিৰ ওপৰত সোণ, ৰূপ আৰু মূল্যৱান পাথৰেৰে নিৰ্মাণ কৰে আৰু আন কোনোবাই কাঠ, খেৰ বা নৰাৰে ভৱন নিৰ্মাণ কৰে। ১৩  এজন মানুহৰ কাম কেনেকুৱা, সেয়া সেই দিনাখন গʼম পোৱা যাব, যিদিনাখন পৰীক্ষা কৰা হʼব, কিয়নো জুইয়ে সকলো প্ৰকাশ কৰিব আৰু প্ৰমাণ কৰিব যে প্ৰতিজনৰ কাম কেনেকুৱা। ১৪  ভিত্তিত নিৰ্মাণ কৰা কাৰোবাৰ ভৱন যদি টিকি থাকে, তেনেহʼলে তেওঁ পুৰস্কাৰ পাব। ১৫  আৰু কাৰোবাৰ ভৱন যদি জ্বলি যায়, তেনেহʼলে তেওঁৰ ক্ষতি হʼব, কিন্তু তেওঁক বচোৱা হʼব, তথাপি তেওঁৰ অৱস্থা সেই মানুহজনৰ দৰে হʼব, যিজনে জুইৰ পৰা কোনোমতে বাচিছে। ১৬  তোমালোকে নাজানা নে তোমালোক ঈশ্বৰৰ মন্দিৰ হোৱা আৰু ঈশ্বৰৰ পবিত্ৰ শক্তি তোমালোকৰ হৃদয়ত থাকে? ১৭  যদি কোনোবাই ঈশ্বৰৰ মন্দিৰ ধ্বংস কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক ধ্বংস কৰিব, কাৰণ ঈশ্বৰৰ মন্দিৰ পবিত্ৰ হয় আৰু এই মন্দিৰ তোমালোক হোৱা। ১৮  কোনেও যেন নিজকে নুভুলাওক: যদি তোমালোকৰ মাজৰ কোনোবাই ভাবে যে তেওঁ এই জগতত* বুদ্ধিমান হয়, তেনেহʼলে তেওঁ মূৰ্খ হওক যাতে তেওঁ বুদ্ধিমান হʼব পাৰে। ১৯  এই জগতৰ বুদ্ধি ঈশ্বৰৰ দৃষ্টিত মূৰ্খতা হয়, কিয়নো শাস্ত্ৰত লিখা আছে, “তেওঁ বুদ্ধিমান লোকসকলক তেওঁলোকৰ ফান্দতে পেলায়।” ২০  আৰু এয়াও লিখা আছে, “যিহোৱাই* জানে যে বুদ্ধিমান লোকসকলৰ যুক্তি ব্যৰ্থ।” ২১  সেইবাবে, কোনেও মানুহক লৈ ফিতাহি নামাৰক, কিয়নো ঈশ্বৰে সকলো বস্তু তোমালোকক দিছে, ২২  পৌলেও হওক বা আপল্লো বা কৈফা* হওক বা এই জগত, মৃত্যু, জীৱন বা আজি বা আহিবলগীয়া বস্তুৱেই হওক, সকলো তোমালোকৰ হয়। ২৩  আৰু তোমালোক খ্ৰীষ্টৰ হোৱা আৰু খ্ৰীষ্ট ঈশ্বৰৰ হয়।

Footnotes

আক্ষ., “শাৰীৰিক।”
বা “তেওঁলোকৰ একে উদ্দেশ্য আছে।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
পিতৰ বুলিও কোৱা হৈছিল।