তীমথিয়লৈ দ্বিতীয় চিঠি ৩:১-১৭
৩ কিন্তু এয়া জানি লোৱা যে শেষ-কালত সংকটেৰে ভৰা এনে সময় আহিব, যাৰ সন্মুখীন হোৱাটো বৰ কঠিন হʼব।
২ কাৰণ লোকসকলে কেৱল নিজকে প্ৰেম কৰিব, টকা-পইচাক প্ৰেম কৰিব, ফিতাহি মাৰিব, অহংকাৰী হʼব, নিন্দা কৰিব, মা-দেউতাৰ কথা নুশুনিব, কৃতজ্ঞতা নেদেখুৱাব, আনৰ প্ৰতি বিশ্বাসী হৈ নাথাকিব,*
৩ স্নেহ নেদেখুৱাব, কোনো কথাত মান্তি নহʼব, বদনাম কৰিব, আত্মনিয়ন্ত্ৰণ নকৰিব, হিংস্ৰ হʼব, ভাল বিষয়ক ঘিণ কৰিব,
৪ বিশ্বাসঘাতক হʼব, জেদী হʼব, গৰ্বেৰে ভৰি পৰিব, ঈশ্বৰৰ পৰিৱৰ্তে আনন্দ-ফূৰ্তিক প্ৰেম কৰিব,
৫ তেওঁলোকে ভক্তিৰ ভাও ধৰিব, কিন্তু সেই অনুসৰি জীৱন-যাপন নকৰিব। এনে লোকসকলৰ পৰা দূৰ হʼবা।
৬ তেওঁলোকৰ মাজৰ পৰাই এনে লোকসকলক দেখিবলৈ পোৱা যায়, যিসকলে চতুৰতাৰে ঘৰবোৰত সোমাই আহে আৰু বিভিন্ন ইচ্ছাৰ দ্বাৰা প্ৰভাৱিত হোৱা আৰু পাপৰ বোজা লৈ থকা দুৰ্বল তিৰোতাসকলক দাস কৰি লয়,
৭ এই তিৰোতাসকলে সদায় শিকিতো থাকে, কিন্তু সত্যৰ সঠিক জ্ঞান কেতিয়াও লাভ কৰিব নোৱাৰে।
৮ যিদৰে যান্নিয়ে আৰু যাম্ব্ৰিয়ে মোচিৰ বিৰোধ কৰিছিল, ঠিক সেইদৰে এই লোকসকলেও সত্যৰ বিৰোধ কৰি থাকে। এওঁলোকৰ মগজু একেবাৰে ভ্ৰষ্ট হৈ গৈছে আৰু তেওঁলোকে বিশ্বাসৰ অনুসৰি নচলাৰ কাৰণে তেওঁলোকৰ ওপৰত ঈশ্বৰৰ অনুমোদন নাই।
৯ কিন্তু এই লোকসকল আৰু আগবাঢ়িব নোৱাৰিব, কিয়নো যেনেকৈ সেই দুয়োজনৰ মূৰ্খতা সকলোৱে স্পষ্টকৈ জানিব পাৰিছিল, ঠিক সেইদৰে এই লোকসকলৰ মূৰ্খতাও সকলোৱে স্পষ্টকৈ জানিব পাৰিব।
১০ কিন্তু তুমি মোৰ শিক্ষা, মোৰ জীৱন-প্ৰণালী, মোৰ উদ্দেশ্য, মোৰ বিশ্বাস, মোৰ ধৈৰ্য্য, মোৰ প্ৰেম, মোৰ সহন
১১ আৰু মোৰ ওপৰত হোৱা অত্যাচাৰ আৰু দুখ-কষ্টবোৰৰ বিষয়ে জানা। তুমি এয়াও জানা যে আন্তিয়খিয়া, ইকনিয় আৰু লুস্ত্ৰাত মই কি কি ভুগিলোঁ আৰু কেনেধৰণৰ অত্যাচাৰ সহন কৰিলোঁ, তথাপিও প্ৰভুৱে মোক এই সকলোৰে পৰা বচালে।
১২ আচলতে, যিমান লোকসকলে খ্ৰীষ্ট যীচুৰ শিষ্য হিচাপে ঈশ্বৰৰ ভক্তিৰে সৈতে জীৱন-যাপন কৰিব বিচাৰে, সেই সকলোৰে ওপৰত এইদৰেই অত্যাচাৰ কৰা হʼব।
১৩ কিন্তু দুষ্ট আৰু প্ৰবঞ্চকবিলাকে বেয়াতকৈ বেয়া হৈ গৈ থাকিব। সিহঁতে নিজেইতো বেয়া পথলৈ পৰিচালিত হʼবই, লগতে আনকো ভুল পথলৈ পৰিচালিত কৰি থাকিব।
১৪ কিন্তু যিবোৰ কথা তুমি শিকিছা আৰু যিবোৰ তোমাক যুক্তি দি বিশ্বাস জন্মোৱা হৈছিল, সেইবোৰ কথা পালন কৰি থাকা, কাৰণ তুমিতো জানা যে তুমি এয়া কোন লোকসকলৰ পৰা শিকিছিলা।
১৫ আৰু তোমাকতো শিশু কালৰ পৰাই পবিত্ৰ শাস্ত্ৰৰ বিষয়ে শিক্ষা দিয়া হৈছিল। এই পবিত্ৰ শাস্ত্ৰই তোমাক খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাসৰ যোগেদি উদ্ধাৰ পাবলৈ বুদ্ধিমান কৰি তুলিব পাৰে।
১৬ গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু শিকাবলৈ, বুজাবলৈ, শুধৰণি কৰিবলৈ আৰু ঈশ্বৰৰ সঠিক মানদণ্ডৰ অনুসৰি অনুশাসন দিবলৈ লাভজনক হয়
১৭ যাতে ঈশ্বৰৰ সেৱকে সকলো ভাল কামৰ কাৰণে সম্পূৰ্ণৰূপে যোগ্য হʼব পাৰে আৰু সকলো ফালৰ পৰা সাজু হʼব পাৰে।
Footnotes
^ বা “ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ নাথাকিব।”