পিতৰৰ দ্বিতীয় চিঠি ২:১-২২

  • মিছা শিক্ষকবিলাক আহিব (১-৩)

  • তেওঁলোকে নিশ্চয় শাস্তি পাব (৪-১০ক)

    • স্বৰ্গদূতবিলাকক টাৰটাৰাচত পেলাই দিয়া হʼল ()

    • জলপ্লাৱন; চদোম আৰু ঘমোৰা (৫-৭)

  • মিছা শিক্ষকবিলাকৰ চৰিত্ৰ (১০খ-২২)

 কিন্তু যিদৰে ইস্ৰায়েলীসকলৰ মাজত মিছা ভৱিষ্যবক্তাসকলক দেখা গৈছিল, ঠিক সেইদৰে তোমালোকৰ মাজতো মিছা শিক্ষকবিলাক আহিব। তেওঁলোকে তোমালোকৰ মাজত লুকাই লুকাই এনে গোট আৰম্ভ কৰিব, যি বিনাশৰ ফালে লৈ যায় আৰু তেওঁলোকে সেই মালিকজনকো জানিবলৈ অস্বীকাৰ কৰিব, যিজনে তেওঁলোকক কিনিছিল। এইদৰে কৰি তেওঁলোকে বেগেৰে নিজৰ ওপৰত নিজে বিনাশ লৈ আহিব। ২  ইয়াৰ উপৰিও, বহুতো লোকে তেওঁলোকক দেখি নিৰ্লজ্জভাৱে পাপ কাম* কৰিব আৰু তেওঁলোকৰ কাৰণে সত্যৰ পথ বদনাম হʼব। ৩  আৰু তেওঁলোকে লোভৰ কাৰণে ছলনা কথা কৈ তোমালোকক লুটিব। কিন্তু তেওঁলোকৰ কাৰণে বহুত আগতেই শাস্তি নিৰ্ধাৰিত কৰা হৈছিল আৰু তেওঁলোকক শাস্তি দিয়াৰ সময় লাহে লাহে অহা নাই আৰু ৰখিও যোৱা নাই। ৪  সঁচাকৈ, ঈশ্বৰে সেই স্বৰ্গদূতবিলাককো শাস্তি দিবলৈ পিছ নুহুকিলে, যিবিলাকে পাপ কৰিছিল। কিন্তু সিহঁতক টাৰটাৰাচত* পেলাই দিলে আৰু তাত ঘোৰ অন্ধকাৰত* শিকলিৰে বান্ধি থৈছে যাতে শাস্তি পোৱা সময়লৈকে সিহঁত তাতে থাকে। ৫  তেওঁ নোহৰ সময়ৰ জগতকো শাস্তি দিবলৈ পিছ নুহুকিলে, কিন্তু যেতিয়া তেওঁ ভক্তিহীন লোকসকলৰ সেই পুৰণি জগতৰ ওপৰত জলপ্লাৱন আনিলে, তেতিয়া তেওঁ ভাল কামৰ প্ৰচাৰক নোহ আৰু তেওঁৰ লগত সাতজনক ৰক্ষা কৰিলে। ৬  লগতে তেওঁ চদোম আৰু ঘমোৰা নামৰ চহৰকো ভষ্ম কৰি শাস্তি দিলে আৰু এইদৰে আহিবলগীয়া ভক্তিহীন লোকসকলৰ কাৰণে এক উদাহৰণ ৰাখিলে। ৭  কিন্তু তেওঁ ভাল ব্যক্তি লোটক বচালে, যিজনে দুষ্ট লোকসকলে নিৰ্লজ্জভাৱে কৰা পাপ কাম দেখি দুখ কৰিছিল। ৮  হয়, যেতিয়া সেই ভাল মানুহ সিহঁতৰ মাজত আছিল, তেতিয়া প্ৰতিদিনে সিহঁতৰ দুষ্ট কামবোৰ দেখি আৰু সিহঁতৰ কথাবোৰ শুনি তেওঁৰ হৃদয় কঁপি উঠিছিল। ৯  এইদৰে ঈশ্বৰৰ ভক্তি কৰা লোকসকলক পৰীক্ষাৰ পৰা কেনেকৈ উলিয়াব লাগে আৰু ন্যায়ৰ দিনত ধ্বংস কৰাৰ কাৰণে* দুষ্ট লোকসকলক কেনেকৈ ৰাখিব লাগে, তাৰ বিষয়ে যিহোৱাই* জানে, ১০  বিশেষকৈ তেওঁলোকক, যিসকলে আনৰ শৰীৰ ভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰে আৰু অধিকাৰত থকা লোকসকলক তুচ্ছ বুলি ভাবে। সিহঁতে দুঃসাহস আৰু নিজৰ ইচ্ছামতে কৰে আৰু সেই লোকসকলৰ বিষয়ে বেয়া কথা কʼবলৈ ভয় নকৰে, যিসকলক ঈশ্বৰে মহিমা দিছে। ১১  যদিও স্বৰ্গদূতসকল এই মিছা শিক্ষকবিলাকতকৈ বহুগুণে বলৱান আৰু শক্তিশালী হয়, তথাপিও তেওঁলোকে যিহোৱাক* আদৰ কৰাৰ কাৰণে* তেওঁক দোষী কৰিবলৈ তেওঁৰ বিষয়ে বেয়াকৈ নকয়। ১২  কিন্তু এই লোকসকল নিৰ্বুদ্ধি জীৱ-জন্তুৰ দৰে হয়, যিবোৰে নিজৰ স্বভাৱৰ অনুসৰি কাম কৰে আৰু ধৰা পৰিবলৈ আৰু মৰিবলৈ জন্ম হয়। এই লোকসকলে যিবোৰ কথা নাজানে, তাৰ বিষয়ে বেয়াকৈ কয়। বিনাশৰ পথত চলাৰ কাৰণে তেওঁলোকে নিজে নিজৰ বিনাশৰ কাৰণ হʼব। ১৩  তেওঁলোকে নিজৰ বেয়া কামৰ পৰিণামস্বৰূপে শাস্তি ভোগ কৰিব। তেওঁলোকে দিনৰ ভাগতো অনৈতিক জীৱন-যাপন কৰি ভাল পায়। তেওঁলোক দাগ আৰু কলংক হয় আৰু যেতিয়া তেওঁলোকে তোমালোকৰ লগত ভোজত থাকে, তেতিয়া তেওঁলোকে নিজৰ ছলনাৰে ভৰা শিক্ষাবোৰ বিয়পাই বহুত আনন্দিত হয়। ১৪  তেওঁলোকৰ চকু কামভাবেৰে* ভৰি আছে আৰু তেওঁলোকে পাপ কৰিবলৈ নিজকে বাধা দিব নোৱাৰে আৰু তেওঁলোকে বিশ্বাসত দুৰ্বল লোকসকলক ফান্দত পেলায়। তেওঁলোকৰ মন লোভ কৰাত নিপুণ হৈ পৰিছে। তেওঁলোক অভিশপ্ত সন্তান। ১৫  পোন পথ ত্যাগ কৰি তেওঁলোকে ভুল পথলৈ পৰিচালিত হৈছে। তেওঁলোকে বিয়োৰৰ লʼৰা বিলিয়মৰ পথক অনুকৰণ কৰিছে, যিজনে বেয়া কাম কৰি পোৱা উপহাৰক ভাল পাইছিল ১৬  আৰু যিজনক সঠিক কামৰ বিৰুদ্ধে যোৱাৰ কাৰণে ধমকি দিয়া হৈছিল। বোজাৰ ভাৰ লোৱা আৰু কথা কʼব নোৱাৰা এটা গাধই মানুহৰ দৰে কথা কৈ সেই ভৱিষ্যবক্তাজনক মূৰ্খ কাম কৰিবলৈ বাধা দিছিল। ১৭  তেওঁলোক সেই ভুমুকৰ দৰে হয়, যʼত পানী নাথাকে আৰু কুঁৱলীৰ এনে ডাৱৰৰ দৰে হয়, যাক ধুমুহাই উৰুৱাই নিয়ে আৰু তেওঁলোকৰ কাৰণে ঘোৰ অন্ধকাৰ ৰখা হৈছে। ১৮  তেওঁলোকে এনে কথা কয়, যিবোৰ শুনিবলৈ প্ৰভাৱশালী যেন লাগে, কিন্তু আচলতে সেয়া ফোঁপোলা। তেওঁলোকে আনৰ শাৰীৰিক ইচ্ছাবোৰ জগাই তোলাৰ যোগেদি আৰু নিৰ্লজ্জভাৱে কৰা পাপ কামৰ যোগেদি সেই লোকসকলক ফান্দত পেলায়, যিসকলে বেয়া কাম কৰা লোকসকলৰ মাজৰ পৰা এইমাত্ৰ বাচি আহিছে। ১৯  তেওঁলোকে লোকসকলক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু তেওঁলোকে নিজেই ভ্ৰষ্টতাৰ দাসত্বত আছে, কাৰণ যদি কোনোবাই কাৰোবাৰ* নিয়ন্ত্ৰণত আহি যায়, তেনেহʼলে তেওঁ তাৰ দাস হৈ যায়। ২০  সঁচাকৈ, যদি তেওঁলোকে আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ সঠিক জ্ঞান পাই জগতৰ অশুচিতাৰ পৰা বাচি ওলাই অহাৰ পাছত আকৌ সেইবোৰ কামতে লাগি যায় আৰু ইয়াৰ নিয়ন্ত্ৰণত আহি যায়, তেনেহʼলে তেওঁৰ এতিয়াৰ অৱস্থা আগতকৈয়ো বেছি বেয়া হৈ যায়। ২১  তেওঁলোকে ভাল পথৰ বিষয়ে সঠিক জ্ঞান নোলোৱাটোৱেই ভাল আছিল, কিয়নো তেওঁলোকে ইয়াৰ বিষয়ে শিকাৰ পাছত পবিত্ৰ আজ্ঞাবোৰৰ অনুসৰি চলিবলৈ এৰি দিছে, যিবোৰ তেওঁলোকে লাভ কৰিছিল। ২২  তেওঁলোকৰ ওপৰত এই কথাষাৰ সত্য হয়, “কুকুৰে নিজৰ বমি চেলেকিবলৈ উলটি যায় আৰু গাহৰিক ধুউৱা হʼলেও সি বোকালৈ আকৌ উলটি যায়।”

Footnotes

গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
শব্দকোষ চাওক।
বা হয়তো, “অন্ধকাৰ গাঁতত।”
আক্ষ., “তেওঁলোকক কাটি পেলোৱাৰ কাৰণে।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “তেওঁৰ আগত।”
বা “ব্যভিচাৰ।” শব্দকোষ চাওক।
বা “কোনো বস্তুৰ।”